NORTHEAST NOW (Assamese)

২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা; অসমত পুৰুষৰ তুলনাত বৃদ্ধি পালে মহিলাৰ সংখ্যা

December 18, 2020 5:28 pm · এন ই নাও নিউজ

যি সময়ত দেশৰ অন্য প্ৰান্তত কন্যা ভ্ৰূণ হত্যা এক সমস্যা হিচাপে দেখা দিছে সেই সময়ত অসমত পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা বৃদ্ধি পাইছে।

২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি অসমত প্ৰতিগৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা বৃদ্ধি পাইছে।

শেহতীয়া তথ্য অনুসৰি অসমত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে ১০১২ গৰাকী মহিলা আছে।

‘‘অসমৰ স্বাস্থ্য আৰু সামাজিক খণ্ডৰ বাবে এক উৎসাহজনক বতৰা। সদ্যপ্ৰকাশিত ২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি ৰাজ্যত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা বৃদ্ধি পালে ১০১২ গৰাকীলৈ,’’ মাই গোভ আছামৰ টুইটাৰত এনেদৰে উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, ২০১৫-১৬ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি ৰাজ্যত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে ৯৯৩ গৰাকী মহিলা আছিল।

ইপিনে, অসমত বিগত পাঁচবছৰত শিশুৰ জন্মৰ সংখ্যাও বৃদ্ধি পাইছে। বিগত পাঁচবছৰত অসমৰ শিশুৰ জন্মৰ সংখ্যা ৯২৯ ৰ পৰা ৯৬৪ লৈ বৃদ্ধি পাইছে।

Related News