NORTHEAST NOW (Assamese)

কাজিৰঙাত পুনৰ মাতৃহাৰা গঁড় পোৱালি উদ্ধাৰ

August 15, 2020 5:01 pm · উত্তম শইকীয়া

দেশে স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্চৰ সমীপৰ দ গাওঁৰ এখন কাঠনিৰ কাষৰ পৰা এজনী গঁড় পোৱালি উদ্ধাৰ কৰা হয়৷

মাকৰ পৰা বিচ্ছেদিত এই পোৱালিটোক আজি পুৱতি নিশা কাঠনিৰ সমীপতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি বনকৰ্মীক খবৰ দিয়ে৷

কাজিৰঙাৰ পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলী আৰু বনাঞ্চলিক বিষয়া চেলিম আহমেদৰ নেতৃত্বত গঁড় পোৱালিটোক উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হয়৷

ভৰিত হোৱা কোনো ৰোগৰ বাবেই গঁড় পোৱালিটোয়ে ভালকৈ থিয় হব নোৱাৰা বুলি জনায় ডা৹ চামচুল আলীয়ে৷

সম্প্ৰতি কেন্দ্ৰটোতে চিকিৎসা প্ৰদানৰ লগতে নিৰীক্ষণত ৰখা হৈছে এবছৰীয়া এই গঁড় পোৱালিটোক৷

উল্লেখ্য যে আজি পুৱা উদ্ধাৰ কৰা গঁড় পোৱালিটোকে ধৰি এতিয়ালৈকে তিনিটা গঁড় পোৱালিক উদ্ধাৰ কৰি পাণবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হয়৷

তিনিওটা গঁড় পোৱালিয়েই এতিয়া এই কেন্দ্ৰতে প্ৰতিপালিত হৈ আছে৷

Related News