• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তই মোক অনুকৰণ কৰিবলৈ লৈছে : তৰুণ গগৈৰ দাবী

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতা যদি আত্মঘাতী হয় তেন্তে হিমন্তই ভয় খাইছে কিয়? তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 15, 2020 4:20 pm
Tarun Gogoi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘হিমন্তই এতিয়া মোকেই অনুসৰণ কৰিবলগীয়া হৈছে।‘ এই দাবী কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কি কথাত তেওঁক অনুসৰণ কৰিব লৈছে সেয়া উল্লেখ কৰি গগৈয়ে কয় ‘আগতে হিমন্তই কংগ্ৰেছক সূতা-কম্বল দিয়া বুলি গালি পাৰিছিল। এতিয়া অৰুণোদয় আঁচনি লৈ বাহ বাহ লৈছে। আগৰ ৩০০-৪০০ আঁচনি পাহৰি গ’ল, এইটো নিৰ্বাচনৰ বাবে টোপ দিছে। মই আজিয়ে কৈছো নিদিয়ে।‘

Apply Now

‘এতিয়া বিবাহিত যুৱতীক সোণ ক’ত দিলে? গগৈৰ প্ৰশ্ন।

ইপিনে, কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা আত্মঘাতী সিদ্ধান্ত বুলি সদৰী কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত গগৈৰ মন্তব্য ‘কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতা যদি আত্মঘাতী হৈছেই তেন্তে তেওঁ ইমান ভয় খাবলৈ কি দৰকাৰ? তেওঁ ভালহে পাব লাগিছিল। হিমন্ত বিশ্ব শৰ্মা ভয়ত এতিয়া কম্পমান।‘

‘যদি আত্মঘাতীয়েই তেন্তে তেওঁ মনে মনে থাকি ভালহে পাব লাগিছিল। এতিয়া ইমান চিঞৰ-বাখৰ কৰি কি দৰকাৰ?’

গগৈৰ মতে ‘এআইয়ুডিএফৰে বুজা-বুজি নোহোৱা কাৰণে আমি কিমান আসন হাৰিলো? ২০-২৫খন আসন হাৰিলো। তেওঁৰ সপোন যে ফলিয়াব তাত কিন্তু সন্দেহ আছে।‘

ইপিনে, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাক হিমন্তৰ চেলা আখ্যা দি গগৈয়ে লগতে কয় ‘তেওঁ কৈছে বিজেপিত থকালৈকে হিমন্ত বিশ্বক কোনেও পৰাস্ত কৰিব নোৱাৰিব। মানে মোদীৰ কোনো মূল্য নাই নেকি? অমিত শ্বাহৰ কোনো অৱদান নাই নেকি? বাকী নেতাসকলৰ কোনো অৱদান নাই নেকি?’

ইয়াৰোপৰি, বিজেপিয়ে নিৰ্বাচন অকলে জিকা নাই বুলি দাবী কৰি গগৈয়ে কয় ‘তেওঁলোকে অগপ বিপিএফ সকলো নেতাক লগত লৈহে জিকিছে। হিমন্তইহে যেন জিকাইছে তাৰ এটা ইমপ্ৰেছন দিব বিচাৰে।‘

ইপিনে, কংগ্ৰেছত থকাৰে পৰা হিমন্ত বেয়া আছিল বুলি উল্লেখ কৰি গগৈয়ে কয় ‘হিমন্ত কেতিয়াও ভাল নহয়। মই হিমন্তক চিনি নাপালো। মুখ্য মন্ত্ৰী হ’বলৈ নিদিয়াৰ বাবেহে খং মোৰ ওপৰত। মইতো বুজা নাছিলো যে মোক পাছফালৰ পৰা ডেগাৰ মাৰিব পাৰে।‘

‘হিমন্তৰ নিচিনা ৰাজনীতিক পৃথিৱীত খুব কম। হিমন্তই ভৰিতো ধৰিব পাৰে পিছফালৰ পৰা ডেগাৰো মাৰিব পাৰে। সিদ্ধাৰ্থৰ ভৰিত ধৰি বিজেপিত যোগদান কৰিলে এতিয়া সিদ্ধাৰ্থকে ডেগাৰ মাৰি দিলে।‘ গগৈয়ে লগতে কয়।

ইপিনে, হিমন্তৰ ক’তো সুনাম নাই বুলি দাবী কৰি গগৈয়ে লগতে কয় ‘তেওঁ ৰাস্তা বনোৱাত ভাল কাম কৰিছে নে? ক’ৰ’না নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে। ৰাস্তাকেইটাও নিৰ্মাণত ব্যৰ্থ হৈছে।‘

‘ক’ৰ’নাৰ নামত ৰাজনীতি চলিছে। আমিহে কৈ আছো টেষ্টিং বেছি কৰা, সুবিধা বেছিকৈ বঢ়োৱা। তেওঁ ইমানতো নিয়ন্ত্ৰণ কৰিব কিয় পৰা নাই।‘ গগৈয়ে দাবী কৰি কয়।’

ইপিনে বিজেপিত মুখ্য মন্ত্ৰী কেন্দ্ৰিক শীতল যুদ্ধ চাৰে চাৰিবছৰ ধৰি চলি আহিছে বুলি সদৰী কৰি গগৈয়ে লগতে কয় ‘সেয়েহে মুখ্য মন্ত্ৰীয়ে এটা কথা কয় আৰু স্বাস্থ্য মন্ত্ৰীয়ে আকৌ এটা কথা কয়। মুখ্য মন্ত্ৰীয়ে ক’লে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিম। স্বাস্থ্য মন্ত্ৰীয়ে ক’লে ১৪ জন মানুহৰ অসমীয়াৰ সংজ্ঞা দিয়াৰ অধিকাৰেই নাই। যদি অধিকাৰেই নাই, তেন্তে এই কমিটিখন কিয় পাতিছিলা?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd