“মই যথেষ্টসংখ্যক নাৰীক জানো যিসকল সম্পূৰ্ণ পিতৃতান্ত্ৰিক, যিসকল সম্পূৰ্ণ নাৰীবিৰোধী, যিসকলে অন্য নাৰীৰ প্ৰতি কদৰ্য কৰ্ম কৰে আৰু মই সেইসকল পুৰুষকো জানো যিসকলে জীৱনজুৰি নাৰীৰ অধিকাৰৰ হকে কাম কৰি আহিছে। নাৰীবাদ শৰীৰকেন্দ্ৰিক নহয়, নাৰীবাদ এটা আদৰ্শ।’’
এনেধৰণৰ শক্তিশালী আৰু স্পষ্ট বক্তব্যৰে অনুৰাগী মহলত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত নাৰীবাদী তাত্বিক আৰু লেখিকা কমলা ভাছিনৰ আজি মৃত্যু হয়। কেইবামাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কমলাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫।
১৯৪৬ চনৰ ২৪ এপ্ৰিলত বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত মান্দী বাহাউদ্দিন জিলাত কমলাই জন্ম লাভ কৰে। দেশ বিভাজনৰ পাছত কমলাৰ পৰিয়াল ভাৰতৰ ৰাজস্থানলৈ আহে। ৰাজস্থানতে শিক্ষা-দীক্ষা লাভ কৰা কমলাই পাছলৈ পশ্চিম জাৰ্মানীৰ ইউনিভাৰ্চিটি অৱ মুনষ্টেৰত সমাজতত্ব বিষয়ত অধ্যয়ন কৰে। বিদেশত উচ্চ শিক্ষা লাভ কৰি কমলাই সত্তৰৰ দশকত নিজ দেশলৈ ঘূৰি আহে আৰু উদয়পুৰৰ এটা এনজিঅ’ সেৱা মন্দিৰত জড়িত হৈ পৰে। উক্ত এনজিঅ’টোৱে গ্ৰাম্যাঞ্চলৰ উন্নয়ন আৰু নাৰীৰ অধিকাৰৰ হৈ কাম কৰি আহিছে।
২০০২ চনত কমলাই চংগত নামেৰে এটা নাৰীবাদী গোট গঠন কৰে। চংগতৰ দ্বাৰা সমগ্ৰ দক্ষিণ এছিয়াৰ নাৰীবাদী কৰ্মীসকলক একলগ কৰা হয়। ইয়াৰ দ্বাৰা কমলাই গ্ৰাম্যাঞ্চল আৰু জনজাতীয় অঞ্চলৰ নাৰীৰ শিক্ষা-দীক্ষা, উন্নয়নৰ কাৰ্যত ব্ৰতী হৈ পৰে। জাগৰি নামৰ এটা নাৰী অধিকাৰবাদী সংগঠনতো কমলা জড়িত হৈ পৰে। তদুপৰি ২০০২ চনলৈকে কমলাই ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।
নাৰীবাদী আন্দোলনক জনপ্ৰিয় কৰি তুলিবলৈ কমলাই “আজাদী’ শ্লোগানৰো ব্যৱহাৰ কৰিছিল। কমলাই জনাইছিল যে উক্ত শ্লোগানটো তেওঁ পাকিস্তানত প্ৰথমে শুনিছিল। আশীৰ দশকত পাকিস্তানৰ স্বেচ্ছাচাৰী শাসক জিয়াউল হকৰ শাসনৰ বিৰোধিতাৰে নাৰীবাদী কৰ্মীসকলে ‘আজাদী’ শ্লোগানেৰে ৰাজপথ উত্তালন কৰিছিল। কমলাৰ পাছত ২০১৬ চনত কানহায়া কুমাৰেও ‘আজাদী’ শ্লোগান ব্যৱহাৰ কৰে।
কেৱল এগৰাকী নাৰীবাদী কৰ্মীয়েই নহয়, কমলা আছিল এগৰাকী কবি আৰু লেখিকাও। লিংগ সমতাৰ ওপৰত তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। এইসমূহৰ ভিতৰত অন্যতম হৈছে ১৯৯৩ চনত প্ৰকাশিত হোৱাই ইজ পেট্ৰয়াৰ্কী আৰু ২০২০ চনত প্ৰকাশিত সতৰংগী লড়কে আৰু সতৰংগী লড়কীয়াঁ।
কমলাৰ মৃত্যুত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীশ চিচোদিয়া, মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণ, হৰ্ষ মান্দাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।