• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰখ্যাত নাৰীবাদী লেখিকা কমলা ভাছিনৰ মৃত্যু

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 25, 2021 5:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মই যথেষ্টসংখ্যক নাৰীক জানো যিসকল সম্পূৰ্ণ পিতৃতান্ত্ৰিক, যিসকল সম্পূৰ্ণ নাৰীবিৰোধী, যিসকলে অন্য নাৰীৰ প্ৰতি কদৰ্য কৰ্ম কৰে আৰু মই সেইসকল পুৰুষকো জানো যিসকলে জীৱনজুৰি নাৰীৰ অধিকাৰৰ হকে কাম কৰি আহিছে। নাৰীবাদ শৰীৰকেন্দ্ৰিক নহয়, নাৰীবাদ এটা আদৰ্শ।’’

এনেধৰণৰ শক্তিশালী আৰু স্পষ্ট বক্তব্যৰে অনুৰাগী মহলত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত নাৰীবাদী তাত্বিক আৰু লেখিকা কমলা ভাছিনৰ আজি মৃত্যু হয়। কেইবামাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কমলাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫।

Apply Now

১৯৪৬ চনৰ ২৪ এপ্ৰিলত বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত মান্দী বাহাউদ্দিন জিলাত কমলাই জন্ম লাভ কৰে। দেশ বিভাজনৰ পাছত কমলাৰ পৰিয়াল ভাৰতৰ ৰাজস্থানলৈ আহে। ৰাজস্থানতে শিক্ষা-দীক্ষা লাভ কৰা কমলাই পাছলৈ পশ্চিম জাৰ্মানীৰ ইউনিভাৰ্চিটি অৱ মুনষ্টেৰত সমাজতত্ব বিষয়ত অধ্যয়ন কৰে। বিদেশত উচ্চ শিক্ষা লাভ কৰি কমলাই সত্তৰৰ দশকত নিজ দেশলৈ ঘূৰি আহে আৰু উদয়পুৰৰ এটা এনজিঅ’ সেৱা মন্দিৰত জড়িত হৈ পৰে। উক্ত এনজিঅ’টোৱে গ্ৰাম্যাঞ্চলৰ উন্নয়ন আৰু নাৰীৰ অধিকাৰৰ হৈ কাম কৰি আহিছে।

২০০২ চনত কমলাই চংগত নামেৰে এটা নাৰীবাদী গোট গঠন কৰে। চংগতৰ দ্বাৰা সমগ্ৰ দক্ষিণ এছিয়াৰ নাৰীবাদী কৰ্মীসকলক একলগ কৰা হয়। ইয়াৰ দ্বাৰা কমলাই গ্ৰাম্যাঞ্চল আৰু জনজাতীয় অঞ্চলৰ নাৰীৰ শিক্ষা-দীক্ষা, উন্নয়নৰ কাৰ্যত ব্ৰতী হৈ পৰে। জাগৰি নামৰ এটা নাৰী অধিকাৰবাদী সংগঠনতো কমলা জড়িত হৈ পৰে। তদুপৰি ২০০২ চনলৈকে কমলাই ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।

নাৰীবাদী আন্দোলনক জনপ্ৰিয় কৰি তুলিবলৈ কমলাই “আজাদী’ শ্লোগানৰো ব্যৱহাৰ কৰিছিল। কমলাই জনাইছিল যে উক্ত শ্লোগানটো তেওঁ পাকিস্তানত প্ৰথমে শুনিছিল। আশীৰ দশকত পাকিস্তানৰ স্বেচ্ছাচাৰী শাসক জিয়াউল হকৰ শাসনৰ বিৰোধিতাৰে নাৰীবাদী কৰ্মীসকলে ‘আজাদী’ শ্লোগানেৰে ৰাজপথ উত্তালন কৰিছিল। কমলাৰ পাছত ২০১৬ চনত কানহায়া কুমাৰেও ‘আজাদী’ শ্লোগান ব্যৱহাৰ কৰে।

কেৱল এগৰাকী নাৰীবাদী কৰ্মীয়েই নহয়, কমলা আছিল এগৰাকী কবি আৰু লেখিকাও। লিংগ সমতাৰ ওপৰত তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। এইসমূহৰ ভিতৰত অন্যতম হৈছে ১৯৯৩ চনত প্ৰকাশিত হোৱাই ইজ পেট্ৰয়াৰ্কী আৰু ২০২০ চনত প্ৰকাশিত সতৰংগী লড়কে আৰু সতৰংগী লড়কীয়াঁ।

কমলাৰ মৃত্যুত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীশ চিচোদিয়া, মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণ, হৰ্ষ মান্দাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd