NORTHEAST NOW (Assamese)

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰিসেৱা বাতিলত দুৰ্ভোগ উত্তৰ-গুৱাহাটীৰ ৰাইজৰ

September 15, 2018 4:28 pm · এন ই নাও নিউজ
Updated: September 15, 2018 4:39 pm

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰি সেৱা বন্ধ থকা বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অসংখ্য যাত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে আজি অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ উত্তৰ পাৰৰ পৰা গুৱাহাটীত চাকৰি, ব্যৱসায় আৰু মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ক’ৰ্ট-কাছাৰীলৈ অহা বহু সংখ্যক লোক আজি নিজৰ কৰ্তব্যত উপস্থিত থকাত অসুবিধাৰ সন্মুখীন হয়।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপজ্জনক স্তৰলৈ বৃদ্ধি পোৱা বাবে আজি গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজৰ সকলো ফেৰিৰ চলাচল বন্ধ ৰাখিছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগে। যোৱা নিশা, অৰ্থাৎ ১৪ ছেপ্তেম্বৰৰ নিশা অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যুটীয়া সঞ্চালকে তাৎক্ষণিক সিদ্ধান্তেৰে আৰু লগে লগে কাৰ্য্যকৰী হোৱাকৈ এই নিৰ্দেশনটো দিছিল।

এই নিৰ্দেশৰ ফলত আজি দিনটোৰ বাবে বন্ধ হৈ আছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা সকলো ফেৰি।

মন কৰিব লগীয়া যে যোৱা ৫ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতে ভটভটীৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ কৰা হৈছিল। ইয়াৰ পিছত সীমিত ৰূপত থকা ফেৰিসেৱাই হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নদীপথেৰে যোগাযোগৰ একমাত্ৰ উপায়।

আনহাতে কাইলৈ এই ফেৰিসেৱা খুলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related News