শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লৰ সন্মুখত টাইপাৰ দুটা ফৈদৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  বিজয় ৰাজকোঁৱৰে আজি শিৱদ’লৰ সন্মুখত এককভাৱে অনশনত বহাৰ সময়তে এই মাৰপিটৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

বিজয় ৰাজকোঁৱৰে অনশন কৰি থকা সময়তে অনশনস্থলীত টাইপাৰ আন এটা ফৈদৰ বহু নেতা কৰ্মী উপস্থিত হৈ ৰাজকোঁৱৰক অনশনত বাধা দিয়াৰ চেষ্ঠা কৰে আৰু দুয়োটা ফৈদৰ মাজত হতাহতি হয়।

পৰৱৰ্তী সময়ত দুয়োটা ফৈদৰ সদস্যৰ মাজৰ হতাহতিয়ে প্ৰচণ্ড মাৰপিটলৈ ৰূপান্তৰিত হয়।

মাৰপিটৰ সময়ত দুয়োটা ফৈদে ইটোৱে সিটোক অবৈধ বুলি অভিযোগ প্ৰতি অভিযোগ কৰে।

আনহাতে, অনশনস্থলীৰ পৰা প্ৰশাসনে বিজয় ৰাজকোঁৱৰক আটক কৰি শিৱসাগৰ সদৰ আৰক্ষী থানালৈ লৈ যায়।

আৰক্ষীয়ে বিজয় ৰাজকোঁৱৰক অনশনস্থলীৰ পৰা আটক কৰা কাৰ্য্যক টাইপাৰ এটা গোটে তীব্ৰ সমালোচনা কৰে।