অলিম্পিক ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হয় আৰ্জেণ্টিনা। খেলখনৰ শেষত আৰ্জেণ্টিনাj বিদায়ৰ পিছত দুয়োটা দলৰ ফুটবলাৰে কাজিয়াত লিপ্ত হৈ পৰে।
কাটাৰ বিশ্বকাপৰ ফাইনেলৰ পাছত আৰ্জেণ্টিনা-ফ্ৰান্সৰ খেলৰ অৰ্থই হ’ল উত্তেজনা। খেলপথাৰৰ বাহিৰত কাজিয়া কৰাৰ কাহিনীও আছে। কোপা আমেৰিকাৰ ফাইনেলৰ পিছত আৰ্জেণ্টিনাৰ ফুটবলাৰ এনজো ফাৰ্নাণ্ডেজে ফ্ৰান্সৰ ফুটবলাৰসকলক কটাক্ষ কৰিছিল। ফলত অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে উত্তেজনা তীব্ৰতৰ হৈ পৰিছিল।
ফ্ৰান্সে ঘৰুৱা খেলপথাৰত খেলিছিল। বোৰ্ডোত খেলখনৰ পিছত ফৰাচীসকলে আনন্দ-উল্লাস কৰিবলৈ আৰম্ভ কৰে। ফৰাচী ফুটবলাৰসকলেও বিজয় উদযাপন কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত ফ্ৰান্সৰ ফুটবলাৰ এনজো মিলটে আৰ্জেণ্টিনাৰ ডাগআউটক লক্ষ্য কৰি অশ্লীল ইংগিত দিয়ে।
লগতে পঢ়কঃ কোনো বৰ্ষীয়ান ব্যক্তি নহয়, টাটা গ্ৰুপৰ নেতৃত্ব দিব এই যুৱতীয়ে! আচৰিত কৰি তুলিব তেওঁৰ পৰিচয়ে
আৰ্জেণ্টিনাৰ ফুটবলাৰসকলো ক্ষুব্ধ হৈ পৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰে। দুয়োটা দলৰ ফুটবলাৰৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। দল দুটাৰ প্ৰশিক্ষক-মেনেজাৰো এই কাজিয়াত লিপ্ত হয়।
খেলপথাৰখনৰ উত্তেজনা গেলেৰীলৈ বিয়পি পৰে যদিও আৰক্ষী সতৰ্ক হৈ পৰে।
খেলৰ ৫ মিনিটত মাটেটাৰ গ’লেৰে ফ্ৰান্সে অগ্ৰগতি লাভ কৰে। কৰ্ণাৰৰ পৰা এটা ডাঙৰ হেডেৰে মাটেটাই ফ্ৰান্সক আগুৱাই লৈ যায়। ইয়াৰ পিছত আৰ্জেণ্টিনাই চেষ্টা কৰিলেও সমতা স্থাপন কৰিব নোৱাৰিলে।
লগতে পঢ়কঃ বিশ্বকাপৰ ছন্দ হেৰাল! ব্যৰ্থ কোহলী, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন এদিনীয়া মেচ হ’ল টাই
আনহাতে, ফ্ৰান্সেও এই ব্যৱধান বৃদ্ধি কৰাৰ সুযোগ পাইছিল। মঙলবাৰে অন্তিম চাৰিত ফ্ৰান্সৰ মুখামুখি হ’ব ইজিপ্ত।