মানসিক স্বাস্থ্যজনিত হতাশাত ভূগি ৫১ বছৰীয়া জিএমচিএইচৰ মহিলা চিকিৎসকৰ আত্মহত্যা

প্রতিনিধিত্বমূলক ফটো।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ (জিএমচিএইচ) এগৰাকী ৫১ বছৰীয়া জ্যেষ্ঠ চিকিৎসকে শনিবাৰে নিশা তেওঁৰ বাসগৃহত আত্মহত্যা কৰিছে। দেওবাৰে আৰক্ষীয়ে এইকথা জানিবলৈ দিছে।

এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে জিএমচিএইচৰ পেথলজী বিভাগত সহকাৰী অধ্যাপক হিচাপে কাম কৰা ড০ আইভি শৰ্মাক গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বশিষ্ঠপুৰত থকা তেওঁৰ বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

তেওঁৰ স্বামী জিএমচিএইচ কৰ্কট চিকিৎসালয়ৰ অধীক্ষক ডাঃ দেবজিৎ চৌধুৰীয়ে প্ৰথমে তেওঁক দেখা পাইছিল আৰু লগে লগে তেওঁক জিএমচিএইচলৈ লৈ গৈছিল। কিন্তু চিকিৎসকে তাত তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত চিকিৎসকলকগৰাকীৰ টেবুলত এটা চুইচাইড নোট পোৱা গৈছে য’ত তেওঁ এনে সিদ্ধান্তৰ বাবে কাকো দোষাৰোপ কৰা নাই। হাতীগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰিঙ্কি হাজৰিকাই এইকথা জানিবলৈ দিছে। তেওঁ জনায় যে এতিয়ালৈকে কোনো সন্দেহৰ সুৰুঙা পোৱা হোৱা নাই।

পৰিয়ালৰ সূত্ৰই কয় যে তেওঁ হতাশাত ভুগি আছিল আৰু চৰম পদক্ষেপ লৈছিল। তেওঁ জিএমচিএইচৰ মনোৰোগ বিভাগতো চিকিৎসা গ্ৰহণ কৰি আছিল।

জিএমচিএইচত চিচিএলৰ দায়িত্বত থকা ড০ শৰ্মাই তেওঁৰ স্বামীৰ উপৰিও এজনী কন্যাক এৰি থৈ গৈছে।