NORTHEAST NOW (Assamese)

এছিয়ান ফিল্ম এৱাৰ্ডছত শ্ৰেষ্ঠ নতুন পৰিচালকৰ বাবে মনোনীত ৰীমা দাস

March 17, 2019 7:52 am · এন ই নাও নিউজ
চলচ্চিত্র পৰিচালক ৰীমা দাস। ফাইল ফটো

‘ভিলেজ ৰ’কষ্টাৰ্ছ’ৰ জৰিয়তে ভাৰতৰ চলচ্চিত্ৰজগতত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ৰীমা দাসৰ দ্বিতীয় ছবি ‘বুলবুল কেন ছিং’এ লাভ কৰিছে এটাৰ পিছত আনটো সন্মান। শেহতিয়াকৈ ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ পিছত এইবাৰ ছবিখনে ত্ৰয়োদশ এছিয়ান ফিল্ম এৱাৰ্ডছৰ বাবে মনোনয়ন লাভ কৰিছে।

‘বুলবুল কেন ছিং’ৰ বাবে ত্ৰয়োদশ এছিয়ান ফিল্ম এৱাৰ্ডছত শ্ৰেষ্ঠ নতুন পৰিচালকৰ বাবে মনোনীত হৈ মই খুবেই উৎফুল্লিত’ এক টুইট যোগে ৰীমা দাসে এইদৰে নিজৰ আনন্দ প্ৰকাশ কৰে।

আনহাতে এই খবৰ পাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনেয়ে তেওঁক অভিনন্দন জনাই টুইট কৰে।

আজি হংকঙৰ টি ভি বি চিটিত উক্ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হংকং আন্তঃৰাষ্ট্ৰূীয় চলচ্চিত্ৰ মহোৎসৱ আৰু বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে গঠন কৰা এছিয়ান ফিল্ম এৱাৰ্ডছ একাডেমিয়ে ২০১৩ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে।

Related News