NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় বাজেট ২০২৪: মিত্ৰজোঁটক তুষ্টিকৰণৰ ৰাজনীতি নিৰ্মলা সীতাৰমনৰ

July 23, 2024 11:46 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: July 23, 2024 11:58 am

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী নেতৃত্বাধীন তৃতীয়খন চৰকাৰৰ প্ৰথমখন সম্পূৰ্ণ বাজেট প্ৰস্তাৱ (২০২৪-২৫) দাখিল কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমনে। অধ্যক্ষৰ চকীত ওম বিৰলা।

লোকসভাত তেওঁ কয় যে দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ নিম্ন। এই বাজেটত কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কৃষি উৎপাদন গৱেষণাতো ব্যক্তিগত খণ্ডক উৎসাহিত কৰা হ’ব। চাৰিটা ভিন্ন জাতিৰ উন্নয়নত গুৰুত্ব দিব চৰকাৰে। অহা পাঁচ বছৰলৈ যুৱ সমাজৰ উন্নয়নৰ বাবে ৪.১ কোটি যুৱকক অনা হ’ব। ইয়াৰ বাবে চৰকাৰে ৫টা প্ৰকল্প হাতত লৈছে।

নিৰ্মলা সীতাৰমণে লগতে কয় যে চৰকাৰে দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু খাদ্য দানকাৰীক লক্ষ্য কৰি ল’ব। তেওঁ কয় যে বাজেট ভাষণৰ আৰম্ভণিতে চৰকাৰে এই প্ৰস্তাৱত ৯টা বিষয়ক অগ্ৰাধিকাৰ দিছে। সেইবোৰ হ’ল, কৃষি উৎপাদন আৰু কৃষিক্ষেত্ৰত স্থিতিস্থাপকতা, নিয়োগ আৰু দক্ষতা বিকাশ বৃদ্ধি, মানৱ মূলধন বৃদ্ধি আৰু সামাজিক ন্যায়, উদ্যোগ আৰু সেৱাৰ বৃদ্ধি, চাকৰি সৃষ্টি, নগৰ উন্নয়ন, শক্তি, আন্তঃগাঁথনি, গৱেষণা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংস্কাৰ।

তৃতীয় এন ডি এ চৰকাৰৰ দুটা অংশীদাৰ দল বিহাৰৰ জে ডি ইউ আৰু অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম পাৰ্টিক সন্তুষ্ট কৰিবলৈ নিৰ্মলাই কেইবাটাও বিত্তীয় পেকেজ আৰু আঁচনি ঘোষণা কৰে। 

বাজেটত এন ডি এৰ অংশীদাৰ ২ ৰাজ্যৰ বাবে বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। বিহাৰৰ উন্নয়নৰ বাবে ২৬ হাজাৰ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ বাবেও ৫০ হাজাৰ কোটিৰ বিশেষ আৰ্থিক পেকেজৰ ঘোষণা কৰা হৈছে।

তেওঁ কয় যে ভাৰতৰ বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হাৰ ৩.১ শতাংশ।

এই বাজেটত নিয়োগ, মধ্যবিত্তীয় পৰিৱৰ্তন আৰু দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। উন্নত ভাৰতৰ দিশত কাম কৰিবলৈ চৰকাৰ সচেষ্ট। উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষি গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এক কোটি কৃষকক প্ৰাকৃতিক খেতিলৈ অনাৰ পৰিকল্পনা কৰা হৈছে। ভোজ্য তেলত স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা হ’ব।  কৃষিক্ষেত্ৰত সমবায়সমূহৰ ওপৰত চকু দিয়া হ’ব বুলিও কোৱা হৈছে।

Related News