• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কষ্ট কৰি ওজন কমােৱাৰ পাছতো পুনৰ শকত হৈছে নেকি? আপুনিও অজানিতে এই ডাঙৰ ভুলবোৰ কৰিছে নেকি জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2026 6:45 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনত কেৱল জয়ী হ’লেই নহ’ব, সেই জয় ধৰি ৰখাতোহে আচল কথা। ওজন কমােৱাৰ ক্ষেত্ৰতো এই কথাষাৰ সম্পূৰ্ণৰূপে প্ৰযোজ্য। শৰীৰৰ মেদ বা চৰ্বি কমােৱাটো কোনো উজু কথা নহয়। বহুতো লোকে আধাতে ডায়েট আৰু ব্যায়াম এৰি দিবলগীয়া হয়, যিমান বিচাৰে সিমান ওজন কমাব নোৱাৰে। কিন্তু এনেকুৱা কিছুমান লোকো আছে যিয়ে বহু কষ্ট কৰি শৰীৰৰ ওজন কমাই একেবাৰে ক্ষীণ হৈ পৰে। তেওঁলোকৰ এই পৰিৱৰ্তন দেখি চিনাকি মানুহো আচৰিত হয়। কিন্তু অলপ দিন যোৱাৰ পাছতেই তেওঁলোকৰ ওজন আকৌ আগৰ দৰেই হ’বলৈ ধৰে। কেৱল যে কমােৱা ওজনখিনি ঘূৰি আহে তেনে নহয়, কেতিয়াবা আগতকৈয়ো বেছি শকত হৈ পৰে। ইয়াৰ ফলত মনলৈ হতাশা আৰু আত্মবিশ্বাসৰ অভাৱ নামি আহে। বিশেষজ্ঞসকলৰ মতে, মানুহে কৰা কিছুমান সাধাৰণ ভুলৰ বাবেই কমোৱা মেদ পুনৰ ঘূৰি আহে।

ওজন কমাবলৈ গৈ বহুতে ফাষ্ট ফুড বা বাহিৰৰ খাদ্য খোৱা একেবাৰে এৰি দিয়ে। কিন্তু নিজৰ বিচৰা ধৰণৰ ওজন পোৱাৰ পাছত তেওঁলোকে হঠাতে আকৌ সকলো ধৰণৰ ফাস্ট ফুড খাবলৈ আৰম্ভ কৰে। শৰীৰৰ তেতিয়া সেই খাদ্য হজম কৰাৰ অভ্যাস নাথাকে, যাৰ ফলত দ্ৰুতগতিত মেদ জমা হ’বলৈ ধৰে। সেয়েহে ফাষ্ট ফুড একেবাৰে এৰি দিয়াৰ কোনো প্ৰয়োজন নাই। দুসপ্তাহত এদিন আপুনি নিজৰ পছন্দৰ খাদ্য খাব পাৰে। ইয়াৰ ফলত বাহিৰা খাদ্যৰ প্ৰতি থকা হেঁপাহ নিয়ন্ত্ৰণত থাকিব। আনহাতে, বহুতে ভাত-ৰুটী খোৱা একেবাৰে বন্ধ কৰি ওজন কমাবলৈ প্ৰটিন পাউদাৰ বা কৃত্ৰিম চাপ্লিমেন্ট খাবলৈ লয়। এইবোৰে কিছুদিনৰ বাবে ওজন কমোৱাত সহায় কৰে যদিও, খোৱা বন্ধ কৰিলে হঠাতে ওজন বাঢ়ি যায়। সেয়েহে কৃত্ৰিম বস্তুৰ সলনি প্ৰাকৃতিক খাদ্যক বেছি গুৰুত্ব দিব লাগে। খোৱাৰ পৰিমাণ কমালেও শাক-পাচলি, ফল-মূল আৰু গাখীৰ সদায় খাদ্য তালিকাত ৰখাটো জৰুৰী।

Apply Now

শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ টোপনিৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। টোপনি ভালদৰে নহ’লে খুব সোনকালে ওজন বাঢ়িবলৈ ধৰে। সেয়েহে যি সময়ত ডায়েট মানি চলিব পৰা নাযায়, সেই সময়ত নিয়মীয়া টোপনিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ লগতে দৈনন্দিন জীৱনৰ পৰা মদ্যপানৰ অভ্যাস একেবাৰে আঁতৰাই ৰখাটো অতি আৱশ্যক। ওজন কমোৱাৰ আনন্দ যদি আপুনি মদ্যপান কৰি উদযাপন কৰে, তেন্তে আপোনাৰ সকলো কষ্ট অথলে যাব। তদুপৰি, নতুন ডায়েট আৰম্ভ কৰিলে বহুতে গোটেই দিনটোৰ খোৱা-বোৱাৰ নিয়ম একেবাৰে সলনি কৰি পেলায়। হঠাতে খোৱাৰ পৰিমাণ আধাতকৈয়ো কমাই দিয়ে। ইয়াৰ ফলত মেদ কমে যদিও শৰীৰে এই নতুন নিয়মৰ লগত সহজে খাপ খাব নোৱাৰে। ফলত কিছুদিন ৰেহাই পালেই শৰীৰটোৱে পুনৰ আগৰ ওজনলৈ ঘূৰি যাব বিচাৰে।

সেয়েহে শৰীৰ আৰু মনক যিকোনো পৰিৱৰ্তনৰ লগত লাহে লাহে অভ্যস্ত কৰাব লাগে। লাহে লাহে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাটোৱেই শ্ৰেষ্ঠ উপায়। খৰখেদা কৰিলে বা শৰীৰক অতিৰিক্ত কষ্ট দিলে একো লাভ নহয়। বৰঞ্চ আপোনাৰ মেদ কমোৱাৰ পৰিকল্পনাত পছন্দৰ খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি পৰ্যাপ্ত পৰিমাণৰ টোপনিলৈকে সকলোবোৰ অন্তৰ্ভুক্ত কৰক। কোনো ধৰণৰ চিন্তা বা ভয় মনত নাৰাখি, মেদ কমোৱাৰ এই যাত্ৰাত আনন্দৰে অংশগ্ৰহণ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd