চিকিৎসকৰ গাফিলতিত কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু, নয়ডাৰ পাঁচ জন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু

Covid-death

প্ৰতিনিধিত্বমূলক ছবি

কোভিড পৰিস্থিতিৰ বৰ্তমান শাম কাটিছে যদিও কোভিডত হোৱা মৃত্যুৰ প্ৰভাৱ এতিয়াও বহু পৰিয়ালত আছে। শেহতীয়াকৈ চিকিৎসাত গাফিলতিৰ এজন কোভিড আক্ৰান্ত এজন ২০ বছৰীয়া ৰোগীৰ মৃত্যুৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। চিখিৎসকৰ গাফিলতিৰ বাবেই ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ বাবেই নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পাঁচজন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

২০২১ চনত কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত ৰোগী জনৰ মৃত্যু হৈছিল বুলি অভিযোগ কৰা হৈছে। ২০ বছৰ বয়সৰ ৰোগীজনৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁক চিকিৎসকৰ প্ৰেছক্ৰিপশ্বনৰ ভিত্তিত ৰেমডেচিভিৰ ক্ৰয় কৰা স্বত্বেও চিকিৎসালয়ত সময়মতে সেই বেজী দিয়া নাছিল।

পাঁচ জন চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে ভাৰতীয় দণ্ডবিধি ধাৰা ৩০৪ ক (অৱহেলাৰ ফলত মৃত্যু ঘটা)ৰ অধীনত আৰক্ষী থানাত চিকিৎসককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গৌতম বুদ্ধ নগৰৰ উপ মুখ্য চিকিৎসা বিষয়া ডাঃ টিকাম সিঙে গাজিয়াবাদস্থিত পৰিয়ালটোৰ অভিযোগবোৰ সঁচা বুলি তদন্ত সমিতিৰ প্ৰতিবেদন দিয়াৰ পিছতে চিকিৎসক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।।

ব্যক্তিগত চিকিৎসালয় যথৰ্থ চিকিৎসালয়ৰ পৰিচালন সঞ্চালক কপিল ত্যাগীয়ে দাবী কৰিছে যে অভিযোগবোৰ মিছা আছিল। তেওঁ কয় ’ৰোগীজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল। মই বিশ্বাস কৰোঁ যে যদি আধা ঘণ্টাও পলম হ’লহেঁতেন, ৰোগীজন জীয়াই নাথাকিলহেঁতেন।

কিন্তু ইয়াত তেওঁৰ অৱস্থা উন্নত হ’বলৈ আৰম্ভ কৰে আৰু প্ৰায় ৩৫ দিনৰ পিছত পৰিয়ালটোৱে তেওঁক দিল্লীৰ আন এখন চিকিৎসালয়লৈ লৈ যায়’। তেওঁ কয় যে চিকিৎসালয়ৰ চিকিৎসকৰ দলটোৱে প্ৰত্যাহ্বানৰ সাতে কোভিডৰ বিৰুদ্ধে যুঁজ দিছিল। পৰিয়ালটোৱে সময়মতে ৰেমডেচিভিৰ বেজী নিদিয়াৰ অভিযোগৰ প্ৰসংগত তেওঁ কয় যে একাধিক গৱেষণা প্ৰতিবেদনে কৈছে যে কৰোনা ভাইৰাছৰ চিকিৎসাত ৰেমডেচিভিৰৰ কোনো প্ৰভাৱ নাই।