বিৰাট বিপত্তি! নিশা ১.৩০ বজালৈ খোলা কোহলিৰ বাৰ, এজাহাৰ দাখিল আৰক্ষীৰ

বিৰাটৰ বাৰত বিপত্তি। বেংগালুৰুত নিয়ম নিশা ১ বজাৰ পিছত খোলা ৰাখিব নোৱাৰিব বাৰ (PUB)। কিন্তু বেংগালুৰুৰ এম জি ৰোডত অৱস্থিত বিৰাটৰ ‘ৱান ৮ কমিউন’ বাৰ পুৱা ১.৩০ বজালৈকে খোলা আছিল।

বেংগালুৰু আৰক্ষীৰ ডিচিপি চেন্ট্ৰেলে জনোৱা মতে, নিশা ১.৩০ বজাৰ পিছতো বাৰখন খোলা থকা দেখা গৈছে। বাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উচ্চস্বৰত সংগীত বজোৱাৰ অভিযোগো উত্থাপন হৈছে।

লগতে পঢ়কঃ ৰাজস্থানৰ ৪টা লোকসভা সমষ্টিৰ ৩১টা বুথত ‘শূন্য’ বিজেপি! বুথ সভাপতিসকলেও দলক নিদিলে ভোট

এই অভিযোগ কেৱল বিৰাটৰ বাৰৰ বিৰুদ্ধেই নহয়, চিন্নাস্বামী ষ্টেডিয়ামৰ গাতে লাগি থকা আন বহু বাৰৰ বিৰুদ্ধেও উঠিছে। বিৰাটৰ বাৰৰ উপৰিও বাকী বাৰসমূহৰ বিৰুদ্ধেও আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

ইতিমধ্যে এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অভিযোগ সত্য বুলি প্ৰমাণিত হ’লে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে দিল্লী, মুম্বাই, পুনে আৰু কলকাতাতো বিৰাটৰ ‘One8 Commune’ বাৰ আছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত মুকলি কৰা হৈছিল বেংগালুৰুৰ বাৰখন। ‘ৰত্নাম কমপ্লেক্স’ৰ সপ্তম মহলাত অৱস্থিত বাৰখন।

লগতে পঢ়কঃ মংগল গ্ৰহত কি ঘটিছে? বিজ্ঞানীসকলে পাইছে ভয়ংকৰ তথ্য; কেনেকৈ হ’ল এইবোৰ বৃহৎ গহ্বৰ?

যোৱা বছৰ বিৰাটৰ মুম্বাইৰ বাৰখন কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছিল। এইবাৰ বেংগালুৰুৰ বাৰখনো বিতৰ্কত সোমাল।