NORTHEAST NOW (Assamese)

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজাহাৰুদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু

January 24, 2020 12:51 pm · এন ই নাও নিউজ
মহম্মদ আজাহাৰুদ্দিন

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তেলেংগানা কংগ্ৰেছৰ শীৰ্ষ নেতা মহম্মদ আজাহাৰুদ্দিন আৰু আন তিনিজন লোকৰ বিৰুদ্ধে ঔৰংগাবাদ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

প্ৰাক্তন ক্ৰিকেটাৰ আৰু লোক তিনিজনৰ বিৰুদ্ধে এজন ট্ৰেভেল এজেণ্টক ২০ লাখ টকাৰ প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০ আৰু ৩৪ ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ মতে, আজাহাৰুদ্দিনে যোৱা বছৰতে দানিছ ট্যুৰছ এণ্ড ট্ৰেভেলছ মেনেজমেণ্টৰ পৰা মুম্বাইৰ পৰা পেৰিছ আৰু পেৰিছৰ পৰা মুম্বাইলৈ এয়াৰ টিকত ক্ৰয় কৰিছিল। পিছত আজাহাৰুদ্দিনৰ ষ্টাফৰ তৰফৰ পৰা এখন চেক প্ৰদান কৰিছিল কিন্তু পৰ্যাপ্ত বেলেঞ্চ নথকাৰ বাবে চেকখন বাউন্স হয়।

এই কথা জনোৱাৰ লগতে প্ৰাপ্য ধন আদায়ৰ বাবে ট্ৰেভেল এজন্সিটোৱে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কেইবাবাৰো অনুৰোধ কৰিছিল যদিও কোনো সহাঁৰি নোপোৱাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিয়ে।

ইফালে গোচৰ ৰুজু হোৱাৰ কথা জানিব পাৰি প্ৰাক্তন ক্ৰিকেটাৰ আজাহাৰুদ্দিনে এইটো এটা মিছা অভিযোগ বুলি মন্তব্য কৰি কয়, ‘মোৰ বিৰুদ্ধে ঔৰাংগাবাদত ৰুজু হোৱা গোচৰ নিন্দনীয়। প্ৰয়োজনীয় পদক্ষেপৰ বাবে কিদৰে আগবাঢ়িব পাৰি সেই সন্দৰ্ভত আলোচনা চলি আছে’।

Related News