• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিন্দেক লৈ কৌতুক! কমেডিয়ান কুনাল কামৰাৰ বিৰুদ্ধে ক্ষুব্ধ শিৱসেনাৰ সমৰ্থক, হোটেলত চলালে তাণ্ডৱ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 24, 2025 12:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ। শিৱসেনাৰ কৰ্মী আৰু সমৰ্থকৰ ক্ষোভৰ সন্মুখীন হ’ল কমেডিয়ান কুনাল কামৰা। ক্ষুব্ধ শিৱ সৈনিকসকলে মুম্বাইৰ হোটেলখনত তাণ্ডৱ চলায় য’ত কুনালে কমেডী শ্ব’ৰ সময়ত এই ‘আপত্তিজনক মন্তব্য’ কৰিছিল। কুনালৰ বিৰুদ্ধে এফআইআৰো দাখিল কৰা হৈছে।

শিৱসেনাই অভিযোগ কৰে যে কুনালে শিন্দেৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ এনে কৰিছিল। তেওঁৰ উপৰিও শিৱসেনা (ইউ বি টি) দলৰ মুৰব্বী উদ্ধৱ থাকৰে, সঞ্জয় ৰাউত আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰা হৈছে।

Apply Now

সোমবাৰে পুৱা ১১ বজাত শিৱসেনাৰ নেতা সঞ্জয় নিৰুপমে তেওঁক প্ৰহাৰ কৰাৰ ভাবুকি দিয়ে। শিৱসেনাৰ সাংসদ নৰেশ মাছে হুংকাৰ দি কয় যে কুনালে যাতে দেশৰ কোনো ঠাইলৈ মুক্তভাৱে যাত্ৰা কৰিব নোৱাৰে তেওঁলোকে তাৰ প্ৰতি লক্ষ্য ৰাখিব।

জানিব পৰা মতে, কুনালে ‘নয়া ভাৰত’ নামৰ এক অনুষ্ঠানত ভাৰতৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে কিছু ব্যাংগাত্মক মন্তব্য কৰিছিল। শিন্দেৰ স্থিতি সলনিকলৈও কটাক্ষ কৰে। খোদ কুনালে পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ এটা জনপ্ৰিয় হিন্দী গীত অনুকৰণ কৰি শিন্দেৰ ভংগীমা আৰু শাৰীৰিক ৰূপৰ বৰ্ণনা কৰা দেখা গৈছে। এটা সময়ত শিন্দেক ‘দেশদ্ৰোহী’ বুলিও উল্লেখ কৰা হয়। অৱশ্যে কুনালে ক’তো শিন্দেৰ নাম উল্লেখ কৰা শুনা নাযায়।

Mindhe’s coward gang breaks the comedy show stage where comedian @kunalkamra88 put out a song on eknath mindhe which was 100% true.

Only an insecure coward would react to a song by someone.

Btw law and order in the state?

Another attempt to undermine the CM and Home Minister…

— Aaditya Thackeray (@AUThackeray) March 23, 2025

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে শিন্দে সেনাৰ কৰ্মী আৰু সমৰ্থকসকলে কুনালৰ বিৰুদ্ধে সৰৱ হয়। তেওঁলোকে দাবী কৰে যে পূৰ্ব পৰিকল্পনা অনুসৰি শিন্দেৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। লগতে কুনালে ধনৰ বিনিময়ত এই কাম কৰিছে বুলিও অভিযোগ অনা হৈছে। শিৱসেনাৰ বিধায়ক মুৰজি পেটেলে থানাত কমেডিয়ানগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। কিছু সময়ৰ পিছতে শিৱসেনাৰ কেইজনমান কৰ্মী আৰু সমৰ্থকে কুনালে আয়োজন কৰা মুম্বাইৰ খাৰ অঞ্চলৰ হোটেলখনত উপস্থিত হয়। তেওঁলোকে হোটেলখনত লণ্ডভণ্ড কৰাৰ অভিযোগ। চকীবোৰ দলিয়াই পেলাই দিয়ে।

Maharashtra ❤️❤️❤️ pic.twitter.com/FYaL8tnT1R

— Kunal Kamra (@kunalkamra88) March 23, 2025

শিন্দে নেতৃত্বাধীন শিৱসেনাৰ নেতা-কৰ্মীৰ এই আচৰণক গৰিহণা দিছে বিৰোধী কংগ্ৰেছ আৰু উদ্ধৱসেনাই। কুনালৰ কাষত থিয় দিছে আদিত্য থাকৰে আৰু সঞ্জয় ৰাউটে। আৰু ইমান বিতৰ্ক আৰু হুলস্থুলেৰে আগুৰি থকা কুনালে হাতত সংবিধান লৈ ছ’চিয়েল মিডিয়াত নিজৰ এখন ছবি পোষ্ট কৰে। তেওঁ লিখিছে, “আগলৈ যোৱাৰ একমাত্ৰ পথ।” অনুমান কৰা হৈছে যে তেওঁ এই ইংগিতদায়ক পোষ্টটোৰে সমালোচকক উত্তৰ দিব বিচাৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd