তথ্য জনাৰ অধিকাৰ আইনক অৱমাননা : নাজিৰা গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে এজাহাৰ

IMG-20200729-WA0010

তথ্য জনাৰ অধিকাৰ আইন অৱমাননা কৰাৰ অভিযোগত মংগলবাৰে শিৱসাগৰৰ এগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে আৰ টি আই কৰ্মীয়ে এজাহাৰ দাখিল কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে যেন এতিয়া  তথ্য জনাৰ অধিকাৰ আইন অৱমাননা কৰাটো এক নিয়মত পৰিণত হৈছে।

চৰকাৰী বিভাগবোৰত সংঘটিত হোৱা বিভিন্ন কেলেংকাৰী-দুৰ্নীতিৰ তথ্য উন্মোচিত হোৱাৰ ভয়তে এতিয়া এনেদৰে আবেদনকাৰীক তথ্য প্ৰদানৰ পৰা বিৰত থাকে বুলিও অভিযোগ উঠিছে এই সকল চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে।

 

এনেদৰে তথ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ শিৱসাগৰ জিলাৰ যদুমণি বৰা নামৰ আৰ টি আই কৰ্মী গৰাকীয়ে গড়কপ্তানি বিভাগৰ নাজিৰা ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গৰাকীৰ বিৰুদ্ধে শিৱসাগৰৰ আৰক্ষীক এজাহাৰ প্ৰদান কৰাত জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, বিগত ১৫ জুনত যদুমণি বৰাই গড়কপ্তানি বিভাগৰ নাজিৰা সংমণ্ডলৰ কেতবোৰ তথ্য বিছাৰি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন আবেদন দাখিল কৰিছিল।

এই আবেদনৰ ভিত্তিত উপায়ুক্ত কাৰ্যালয়ৰ লোক তথ্য বিষয়া গৰাকীয়ে এক পত্ৰৰ যোগে ১৬ জুনত গড়কপ্তানি বিভাগৰ নাজিৰা সংমণ্ডললৈ আৰ টি আই কৰ্মী গৰাকীক তথ্যসমুহ যোগান ধৰিবলৈ জনাইছিল।

কিন্তু তথ্য প্ৰদানৰ নিৰ্দিষ্ট সময় সীমা উকলি যোৱাৰ পিছতো আজিকোপতি কাৰ্যবাহী অভিযন্তা চঞ্চল গোঁহায়ে আৰ টি আই কৰ্মীজনক তথ্য যোগান ধৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

সেয়েহে মংগলবাৰে শিৱসাগৰ সদৰ আৰক্ষী থানাত আৰটিআই কৰ্মী গৰাকীয়ে চঞ্চল গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হ’ল বুলি সংবাদ মাধ্যমক তেওঁ জানিবলৈ দিছে।