ঔৰংজেবৰ প্ৰশংসা কৰি ভিডিঅ’ পোষ্ট; মহাৰাষ্ট্ৰৰ ১৪ বছৰীয়া কিশোৰৰ বিৰুদ্ধে দাখিল এফ আই আৰ

বিজেপিৰ শাসনত বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰিছে মোগল সম্ৰাট ঔৰংজেব। এইবাৰ মহাৰাষ্ট্ৰৰ এগৰাকী কিশোৰে বিতৰ্কিত মোগল শাসকজনক প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট কৰাৰ বাবে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। ইয়াৰ পূৰ্বে সেই পোষ্টটোক কেন্দ্ৰ কৰি বীড জিলাত উত্তেজনা সৃষ্টি হৈছিল। কেইবাটাও হিন্দুত্ববাদী সংগঠনে বন্ধৰ আহ্বান জনায়। ইয়াৰ পিছত আৰক্ষীয়ে কিশোৰজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, যোৱা বৃহস্পতিবাৰে ঔৰংজেবৰ বিষয়ে বিতৰ্কিত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল এজন ১৪ বছৰীয়া কিশোৰে। অলপ সময়ৰ ভিতৰতে সেইটো ভাইৰেল হৈ পৰিল। কেইবাটাও হিন্দুত্ববাদী সংগঠনে ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক: ৰাখে হৰি মাৰে কোনে! আমাজনৰ জংঘলত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ৪০ দিন পিছত জীৱন্তে উদ্ধাৰ ৪টা শিশু

শুকুৰবাৰে এই ভিডিঅ’টোৰ বাবে সংগঠনসমূহে অঞ্চলটোত বন্ধৰ আহ্বান জনায়। যদিও আৰক্ষীয়ে দাবী কৰিছিল অঞ্চলটোত কোনো ধৰণৰ অশান্তি হোৱা নাই। আনহাতে, বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে কিশোৰজনে ছ’চিয়েল মিডিয়াৰ পৰা এই পোষ্টটো আঁতৰাই দিয়ে। লগতে তেওঁ ক্ষমা খুজি কয় যে তেওঁ কাৰো আৱেগক আঘাত দিয়াৰ উদ্দেশ্য নাছিল।

শুকুৰবাৰে বীড জিলাৰ আষ্টী থানাত অভিযুক্ত নাবালকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে আৰক্ষীয়ে। উত্তেজনা বিয়পি পৰাৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপ লোৱা বুলি দাবী কৰিছে আৰক্ষী বিষয়াসকলে।

লগতে পঢ়ক: স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই সকল মহিলাই; কৈছে চাণক্য নীতিয়ে

জানিব পৰা মতে, কিশোৰজন বৰ্তমান ঘৰত নাই। যদি তেওঁ উভতি আহে তেন্তে তেওঁক আটক কৰি জেৰা কৰা হ’ব। আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষী অধীক্ষক নন্দকুমাৰ ঠাকুৰে কয়, ‘ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ বাবে এজন নাবালকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে পিছত তেওঁ পোষ্টটো ডিলিট কৰি পেলাইছে।”