• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি অভিযোগ? ৰানা দগ্গুবাটি, প্ৰকাশ ৰাজ, বিজয় দেৱেৰাকোণ্ডাকে ধৰি ২৫ তাৰকাৰ বিৰুদ্ধে FIR

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 5:13 pm
168
VIEWS
Share on FacebookShare on Twitter

তেলেংগানা চৰকাৰে ৰাণা ডাগ্গুবাটি, প্ৰকাশ ৰাজ, বিজয় দেৱেৰাকোণ্ডা আদি এজাক তাৰকাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। জানিব পৰা মতে, ২৫ তাৰকাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই ২৫ জন লোকৰ বিৰুদ্ধে অবৈধ বেটিং এপৰ বিজ্ঞাপন আৰু প্ৰচাৰৰ অভিযোগ আছে। সেয়ে দক্ষিণৰ ছুপাৰষ্টাৰসকলৰ বিৰুদ্ধে প্ৰতাৰণাকে ধৰি একাধিক ধাৰাত এফআইআৰ দাখিল কৰা হৈছে।

জানিব পৰা মতে, ফণীন্দ্ৰ শৰ্মা নামৰ এজন ব্যৱসায়ীয়ে অবৈধ বেটিং এপৰ সৈতে জড়িত অভিনেতা আৰু ছ’চিয়েল মিডিয়া প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁ অভিযোগ কৰে যে বেটিং কোম্পানীসমূহে এই বিপুল জনপ্ৰিয় তাৰকাসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ এপ আৰু ৱেবছাইটৰ প্ৰচাৰ চলাইছে। যিহেতু জনপ্ৰিয় তাৰকা এই বিজ্ঞাপনৰ সৈতে জড়িত, সেয়েহে জনসাধাৰণক প্ৰভাৱিত কৰা হৈছে। বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে।

ফনীন্দ্ৰ শৰ্মাই নিজেও এই বেটিং এপটোত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছিল। অৱশ্যে পৰিয়ালৰ পৰামৰ্শ মতে অৱশেষত তেওঁ আঁতৰি আহে।

ইয়াৰ পিছত ফনীন্দ্ৰই ২৫ তাৰকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ফণীন্দ্ৰৰ অভিযোগৰ ভিত্তিত মাঞ্চু লক্ষ্মী, প্ৰনিতা, নিধি আগৰৱাল, অনন্যা নাগালা, ছিৰি হনুমনথুৰ দৰে তাৰকাৰ দল এটাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা আৰু আই টি আইনৰ কেইবাটাও ধাৰাত এফ আই আৰ দাখিল কৰা হৈছে। অৱশ্যে এই এফআইআৰ সন্দৰ্ভত এতিয়ালৈকে তাৰকাসকলৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

ইপিনে, তেলেংগানা চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। যোৱা ডিচেম্বৰ মাহত পুষ্পা ২ ছবিখনৰ প্ৰিমিয়াৰত এজন ব্যক্তিৰ পদপিষ্ট হৈ মৃত্যু হৈছিল। সেই ঘটনাত গ্ৰেপ্তাৰ হৈছিল বিখ্যাত অভিনেতা আল্লু অৰ্জুন। সংশ্লিষ্ট সূত্ৰৰ মতে, তেতিয়াৰ পৰাই তেলেংগানা চৰকাৰ আৰু অভিনেতাসকলৰ সম্পৰ্ক তিক্ত হৈ পৰিছে। সেই ঘটনাৰ পিছতেই তেলেংগানা চৰকাৰে এদল অভিনেতাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd