NORTHEAST NOW (Assamese)

মুম্বাইত নিশা কোভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড : ৮ ক’ৰ’ণাক্ৰান্তৰ মৃত্যু, ৭০ গৰাকী ৰোগীক স্থানান্তৰ

March 26, 2021 12:33 pm · এন ই নাও নিউজ

এক বিধ্বংসী আগ্নিকাণ্ড সংঘটিত হৈছে মুম্বাইৰ এখন কোডিড হাস্পতালত।

মুম্বাইৰ পশ্চিম ভাণ্ডুপ অঞ্চলস্থিত ড্ৰীমছ মলৰ চানৰাইজ নামৰ কোভিড হাস্পতালখনত নিশা মান বজাত ১২.৩০ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

অগ্নিকাণ্ডটোত এই প্ৰতিবেদন প্ৰস্তুত কৰি থকালৈকে চিকিৎসাধীন হৈ থকা ১০ গৰাকী ক’ৰ’ণাক্ৰান্তৰ ৰোগীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

অৱ্শ্যে ইয়াৰে দুগৰাকী লোক কোভিডত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে হাস্পতালৰ কৰ্তৃপক্ষই।

আনহাতে অগ্নিকাণ্ডটোত লগতে ৭০ জনৰো অধিক ৰোগীৰ হাস্পতালখনৰ পৰা উদ্ধাৰ কৰা হৈছে।

ইয়াৰে ৩০ গৰাকী ৰোগীক মুলুন্দ জাম্ব’ কোভিড চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে। বাকী ৰোগীসকলক মুম্বাইৰে অন্যান্য হাস্পতালসমূহলৈ স্থানান্তৰ কৰা হৈছে।

হাস্পতালৰ কৰ্তপক্ষ জনোৱা অনুসৰি প্ৰথম মহলাত সূত্ৰপাত ঘটা জুই শীৰ্ষ মহলাৰকৈ বিয়পি পৰে। যাৰ ফলত সমগ্ৰ হাস্পতালখন ভস্মীভূত হৈছে।

১৪ খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু ১০ খন পানী টেংকাৰ অগ্নিকাণ্ডৰ নিয়ন্ত্ৰণৰ বাবে নিয়োজিত কৰা হয়।

উল্লেখ্য যে মহাৰাষ্ট্ৰত ক্ষীপ্ৰ গতিত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এই অগ্নিকাণ্ডৰ সংঘটিত হৈছে।

ইফালে মুম্বাইত বৃহস্পতিবাৰে ৫,৫০৪ গৰাকী লোক কোবিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে।

Related News