NORTHEAST NOW (Assamese)

বৰষুণৰ মাজতে গুৱাহাটী ক্লাবত অগ্নিকাণ্ড; ডব্লিউ, অৰেলিয়াৰ শ্ব’ ৰুমত জুই

August 24, 2018 5:13 pm · কল্পজ্যোতি শইকীয়া

বৃহস্পতিবাৰৰ পৰা ছেগা-চোৰোকাকৈ হৈ থকা বৰষুণৰ পিছত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ থকাৰ মাজতে শুকুৰবাৰে আবেলি লগা জুইত জাহ যায় গুৱাহাটী ক্লাবৰ দুখন কাপোৰৰ দোকান।

গুৱাহাটী ক্লাবৰ ডব্লিউ আৰু অৰেলিয়া কোম্পানিৰ কাপোৰৰ দোকান দুখনত লগা জুই অগ্নিনিৰ্বাপক নিৰ্বাপক বাহিনীয়ে ইতিমধ্যে নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে।

দোকান দুখনত থকা এ’চি-ত শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই জুই লগা বুলি সন্দেহ কৰা হৈছে।

জুইৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

জুই লগাৰ কাৰণ এতিয়াও নিশ্চিত কৰা নাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে।

Related News