NORTHEAST NOW (Assamese)

গুৱাহাটীৰ লতাশিলৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড

August 30, 2018 12:01 pm · এন ই নাও নিউজ
Updated: August 30, 2018 12:02 pm

গুৱাহাটীৰ মহানগৰীৰ লতাশিলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। লতাশিলত থকা জে চি বি ইণ্ডীয়া লিমিটেড নামৰ প্ৰতিস্থানটোৰ কাৰ্যালয়ৰ তৃতীয় মহলাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে অগ্নিকাণ্ডৰ জুইত কাৰ্যালয়টোত থকা ৪ টা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ৩ টা প্ৰিণ্টাৰ, ৬ টা কম্পিয়ুটাৰ, জেৰক্স মেচিনকে ধৰি বহু সামগ্রী তথা নথি-পত্ৰ জাহ যায়।

অৱশ্যে ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

বাতৰি লিখা সময়লৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিতৰ ফলতে জুইৰ সুত্ৰপাত হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে।

Related News