• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত সংখ্যালঘু নেতাক অপহৰণৰ চেষ্টা; অধিবক্তাসহ দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

মিণ্টু দাস by মিণ্টু দাস
August 30, 2018 12:45 pm
Untitled-1 copy

ঘটনা সন্দর্ভত গ্রেপ্তাৰ হোৱা লোক দুজন। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ ধিং গেইটত বুধ্বাৰে সন্ধিয়া এগৰাকী সংখ্যালঘু নেতাক এটা দুৰ্বৃত্তৰ দলে অপহৰণৰ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক তথা জুৰীয়াৰ কছাৰীগাঁও নিবাসী আবু বক্কৰ ছিদ্দিকে তেওঁৰ ভাতৃৰ সৈতে নগাঁৱৰ পৰা সন্ধিয়া প্ৰায় পাঁচ বজাত ঘৰলৈ আহি থকা অৱস্থাত নগাঁও চহৰৰ ধিং গেইটৰ ‘আছিয়া হোটেল’ৰ সন্মুখত কিছু সময়ৰ বাবে জিৰণি লৈছিল।

Apply Now

ঠিক সেই সময়তে নগাঁও-ধিং পথৰ চিলঙনী দিশৰ পৰা এ এচ ০২ য়ু-২৯৩১ নম্বৰৰ “ডেটচান” নামৰ চাৰিচকীয়া গাড়ীৰে অহা ৪/৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে আবু বক্কৰ ছিদ্দিকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে তেওঁক ভাতৃৰ সন্মুখৰ পৰা বলপূৰ্বক অপহৰণ কৰি লৈ যায়।

পিছত তেওঁক অপহৰণ কৰি নিয়া গাড়ীখন চিলঙনীস্থ দলঙৰ তলত ৰাখি দুৰ্বৃত্তৰ দলটোৰ দুজনমানে ম’বাইল ফোনত কাৰোবাৰ লগত কথা-বাৰ্তাত লিপ্ত হয়। ইতিমধ্যে অপহৰণৰ কবলত পৰা সংখ্যালঘু নেতাজনৰ ভাতৃ আব্দুল মালেকে জুৰীয়া আৰু নগাঁও সদৰ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।

পিছত জুৰীয়া আৰু নগাঁও সদৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি তৎপৰতাৰে চিলঙনি অঞ্চলত অভিযান চলাই দলঙৰ তলৰ পৰা ছিদ্দিক সহ অপহৰণকাৰী দলটোৰ দুজনক আটক কৰিবলৈ সক্ষম হয়। লগতে, অপহৰণ কাৰ্যত ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখন আৰু বাহনখনৰ ভিতৰৰ পৰা দুখন খুকুৰি আৰু কিছু ড্ৰাগছ জাতীয় দ্ৰব্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আৰক্ষীৰ জালত পৰা অপহৰণকাৰীৰ মূল অভিযুক্ত ধিং গেইটৰ মুন হক আৰু বটদ্ৰৱাৰ বাটমাৰী অঞ্চলৰ জহিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে মুন হক নামৰ লোকজন এগৰাকী পেছাদাৰী অধিবক্তা বুলি জানিব পৰা গৈছে।

এগৰাকী অধিবক্তাই কিয় এজন সংখ্যালঘু নেতাক অপহৰণ কৰিছিল সেয়া এক আশ্চৰ্যজনক বিষয়ে নহয়, যথেষ্ট দুৰ্ভাগ্যজনক বুলিও একাংশ সচেতন লোকে মত প্ৰকাশ কৰিছে। ইফালে ছিদ্দিকৰ অপহৰণ কাণ্ডৰ লগত ধনৰ লেনদেন সম্পৰ্কীয় ঘটনা জড়িত থকাৰ সন্দেহ কৰিছে একাংশ ৰাইজে।

অৱশ্যে, নগাঁও সদৰ আৰক্ষীয়ে নিজা ববীয়াকৈ এক গোচৰ ৰুজু কৰি দুয়োজন অপৰাধীক মাৰাথান জেৰা অব্যাহত ৰাখিছে। ইপিনে, এই অপহৰণৰ আঁ‌ৰত কি ৰহস্য আছে, সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd