দিল্লীৰ শিশু চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিনিৰ্বাপনত নিয়োজিত ১২ খন ফায়াৰব্ৰিগেড

দিল্লীৰ এখন শিশু চকু চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে পুৱা প্ৰায় ১১:৩০ বজাত ৰাজধানী দিল্লীৰ লাজপট নগৰ অঞ্চলৰ শিশু চকু চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ ভয়াৱহতা দেখি ১২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়।খবৰ যুগুটোৱা পৰ্যন্ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে।

সেই স্থানত উপস্থিত হোৱাৰ লগে লগে দেখা গ’ল যে চিকিৎসালয়খনৰ প্ৰথম মহলাটো জুইৰ শিখাই আগুৰি ধৰিছে।বৰ্তমানেও অগ্নিকাণ্ড হোৱা মহলাৰ পৰা ধোঁৱা ওলাই আছে। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।

মন কৰিবলগীয়া যে যোৱা মে’ মাহত প্ৰায় একেধৰণৰ ঘটনা সংঘটিত হৈছিল। দিল্লীৰ এখন শিশু চিকিৎসালয়ত অগ্নিকাণ্ডত ৭টা নৱজাতকৰ মৃত্যু হয় যদিও উদ্ধাৰকাৰী দলে ১২টা নৱজাতকক নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয়।