মৰিগাঁৱৰ ভূৰাগাঁৱত জ্বলিল খেৰ ভৰ্তি মিনি ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালকসহ তিনিজনৰ

a laho

মৰিগাঁও জিলাৰ  ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত  গৰাপাৰত আজি  বিয়লি এখন খেৰ ভৰ্তি চলন্ত মিনি ট্ৰাকত অগ্নিকাণ্ড সংঘটিত হয়।

উল্লেখযোগ্য যে পথৰ ওপৰত থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বলেৰ’ মিনিট্ৰাক খনত লৈ অনা খেৰত জুই লাগে।

পাছত  জ্বলন্ত মিনি ট্ৰাক খন  পথৰ দাঁতিৰ পুখুৰীত নমাই কথমপি প্ৰাণ ৰক্ষা হয় চালকসহ তিনিজনৰ ।

জানিব পৰা মতে,জাপৰি -গেৰুৱা-কুশতলি সংযোগী পথটোৰে আজি আবেলি এ এছ ২১ চি-০৪৯১ নম্বৰৰ খেৰ ভৰ্তি বাহনখন লাহৰীঘাটৰ বোৱালগুৰিৰ পৰা বৰালিমাৰীলৈ গৈ আছিল ।

এনে অৱস্থাতে গৰাপাৰত পথটোৰ ওপৰত ওলমি থকা বিদ্যুতৰ তাঁৰত লাগি বাহনখনৰ খেৰত জুই লাগে।

পাছত গাড়ীখনৰ চালকে খেৰ ভৰ্তি মিনি ট্ৰাকখন পথৰ দাঁতিত থকা পুখুৰীত নমাই দিয়াত স্থানীয় একাংশ লোকে বাহনখনৰ জুই নুমুৱাবলৈ সক্ষম হয়।

ফলত বাহন খন বিস্তৰ ক্ষতিৰ পৰা ৰক্ষা পৰাৰ লগতে চালকসহ তিনিজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

প্ৰণিধানযোগ্য যে লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডল কাণ্ডজ্ঞানহীনতাৰ বাবেই আজি এনে এক ভয়ংকৰ ঘটনা সংঘটিত হবলৈ পালে বুলি বহুতে অভিযোগ কৰিছে।