• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বাৰকানগৰ শাখাৰ প্রথম প্ৰতিষ্ঠা দিৱস পালন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 7:45 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম লেখিকা সমাৰোহ সমিতি, দ্বাৰকানগৰ শাখাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস দ্বাৰকানগৰ শিশু উদ্যান বাকৰিত আজি সুকলমে অনুষ্ঠিত হয়। সভাপতি প্ৰতিভা দেৱীয়ে সমাৰোহৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰি সদস্যাসকলক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আৰম্ভণি কেনেকৈ হ’ল বিশদভাৱে বাখ্যা কৰে।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলোচনা সভাখনত উপসভাপতি বিনীতা দত্তই আত ধৰি অতিথি সকলক আসন গ্ৰহণ কৰাই  সম্বৰ্দ্ধনা জনায়।  শাখাৰ মহিলা সকলে ” চিৰ চেনেহী মোৰ ভাষা জননী ” শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ কৰা সভাত প্ৰয়াত পদ্মশ্রী  ড০ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলন কৰে শাখাৰ উপদেষ্টা অনিতা শৰ্মাই আৰু মাল্যাৰ্পণ কৰে কাৰ্যকৰী সভাপতি পাৰুল দেৱীয়ে। 

Apply Now

আন এগৰাকী কাৰ্যকৰী সভাপতি সাবিত্রী বৈশ্যই উপস্থিত আটাইকে আদৰণি জনোৱাৰ পিচত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰুনুমী তালুকদাৰে আৰু সভা উদ্বোধন কৰে লেখিকা সমাৰোহ সমিতিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক শেৱালি ভাগৱতীয়ে।

“বাস্তৱ, বিভ্ৰম আৰু অন্তৰ্জীৱনৰ কথকতা : নাৰী ; স্ৰষ্টা আৰু দ্ৰষ্টা ” শীর্ষক বিষয়ৰ ওপৰত তত্ত্ব গধুৰ ভাষণ আগবঢ়াই পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ তনয় জ্যোতি দুৱৰাই উল্লেখ কৰে যে ৩৫০০ বছৰ আগেয়ে সমাজখনত পুৰুষ মহিলা উভয়ে পশুপালনত সমানে সহযোগী হৈ জীৱন নিৰ্বাহ কৰিছিল যি সময়ত কৃষি ব্যৱস্থাৰ প্ৰচলনেই হোৱা নাছিল। পৰবৰ্তী কালত মনুসংহিতাৰ সৃষ্টিৰে পুৰুষ প্ৰধান সমাজৰ প্ৰাধান্য বৃদ্ধি পায় আৰু মহিলাসকলক গৃহিণীৰ দায়িত্ব পালনেৰে পিতৃ, স্বামী, পুত্রৰ অধীনলৈ নিয়ে। বহু বছৰৰ পিছত বিশেষকৈ ইংৰাজ সকল ভাৰতলৈ অহাৰ পৰৱৰ্তী সময়ৰ পৰা মহিলাসকলক স্বাধীনমনা কৰাৰ চেষ্টা আৰম্ভ হয়। বৰ্তমান মহিলাসকল যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে, পুৰুষৰ সমানে সকলো কামতে নিজক উপযুক্ত কৰি গঢ়ি তুলিছে।

হেঙেৰাবাৰী আৰু চচল শাখাৰ প্ৰতিনিধি ক্ৰমে অৰুণিমা দত্ত আৰু সান্তনা দাসে  সাহিত্য বিষয়ক কেবাটাও প্ৰশ্ন উত্থাপনেৰে আলোচনা চক্রখনি সফল হোৱাত অৰিহণা যোগায়। ড০ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটি আৰু হোলী গীত পৰিৱেশন কৰি লেখিকা সকলে উপস্থিত সকলোকে আপ্লুত কৰে।

বিশিষ্ট অতিথি দ্বাৰকানগৰ উন্নয়ন সমিতিৰ সভাপতি প্ৰফুল্ল শৰ্মাই শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। আজিৰ সভাতেই লেখিকা পৰিয়ালৰ সদস্য টানিশা কাশ্যপে দ্বাদশ শ্রেণী, বৰ্ণিল মজুমদাৰ আৰু নিয়ৰজ্যোতি দাসে দশম শ্রেণীৰ সদ্য প্ৰকাশিত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ  হোৱা বাবে সম্বৰ্দ্ধনা জনোৱা হয়।

সভাপতি প্ৰতিভা দেৱীয়ে ড০ শীলা বৰঠাকুৰৰ উদ্যোগত ১৯৭৪ চনৰ পৰা  লেখিকা সমাৰোহ সমিতিৰ কামকাজৰ অগ্রগতি সম্পর্কে আৰু অসমতে সীমাবদ্ধ নাথাকি কিদৰে ভাৰতৰ বিভিন্ন স্থানতো শাখা গঠনেৰে মহিলাসকলক আগবাঢ়ি যোৱাৰ পথ প্ৰদৰ্শন কৰাৰ লক্ষ্যত উপনীত হৈছে সেয়া বিশদভাবে নিজৰ বক্তব্যত প্ৰকাশ কৰে। শলাগৰ শৰাই আগবঢ়ায় মামনি দত্তই। সভাত উপস্থিত আটায়ে অসম সংগীত পৰিবেশন কৰাৰ পিছতেই সভা সমাপ্তি ঘোষণা কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd