অসম চৰকাৰৰ দ্বাৰা নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু ৰোজগাৰৰ বাবে চলি থকা আঁচনিৰ ড্ৰিমচ্ এন.জি.ওৰ উদ্যোগত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ বিনামূলীয়া প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি পৰে।
বাক্সা জিলাৰ তামুলপুৰস্থিত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰত আজি ৬০ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয় । প্ৰমাণপত্ৰ বিতৰণ কৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ কলিতাই।
প্ৰমাণপত্ৰ বিতৰণ কৰি অনুপ কলিতাই কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে অসমৰ গাঁৱে-ভুঞে থকা শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে ভৱিষ্যত জীৱন অধিক কৰ্মময় কৰি তোলাৰ লগতে অনাগত দিনত কাৰিকৰী দিশত অধিক দক্ষ হৈ উঠিব আৰু এক ৰোজগাৰৰ পথ মুকলি হ’ব।
তিনিমাহ যোৰা এই প্ৰশিক্ষণত ৬০ গৰাকী যুৱক-যুবতীক কাৰিকৰী আৰু পৰিচালনা বিভাগত প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত ড্ৰিমচ এন.জি.ওৰ সভাপতি ইমামুদ্দিন আহমেদ, প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ববীয়া আব্দুল হেলিম, মিজানুৰ ৰহমান, ৰঞ্জন বড়োৰ লগতে প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।