• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : পাঁচ সমষ্টিত সন্মুখ সমৰত অৱতীৰ্ণ বিজেপি-কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2019 11:42 am
bjp-congress_“Gandhi or Savarkar?” Congress asks BJP

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্যখনৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। অহা বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কলিয়াবৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপোটীয়াকৈ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।

কলিয়াবৰ লোকসভা সমষ্টিত সাতগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে যদিও কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ মনি মাধৱ মহন্তৰ মাজত পোনপোটীয়াকৈ নিৰ্বাচনী যুঁজখন হ’ব।

Apply Now

কংগ্ৰেছৰ শক্তিশালী ভেটি থকা কলিয়াবৰ সমষ্টিক ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁ ভাতৃ দীপ গগৈয়ে প্ৰতিনিধিত্ব কৰাৰ পাছত বৰ্তমান পুত্ৰ গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰি আছে।

আনহাতে, নিৰ্বাচনৰ মাত্ৰ কিছুদিন আগতে সক্ৰিয় ৰাজনীতিত যোগদানৰ পূৰ্বে মনি মাধৱ মহন্তই ৰাজ্যখনৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন আছুৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সমষ্টিতটোত এগৰাকী জনপ্ৰিয় ছাত্ৰনেতা হিচাপে মহন্ত পৰিচিত।

বিজেপিৰ বাবে কলিয়াবৰত মহন্তৰ বিজয়ে গগৈৰ বংশানুক্ৰমিক শাসনৰ অন্ত পেলাব পাৰে।

একেদৰে, তেজপুৰ সমষ্টিতো বিজেপিৰ প্ৰাৰ্থী ৰাজ্যৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাস আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন আমোলা এম জি কে ভানুৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। এসময়ত কংগ্ৰেছৰ শক্তিশালী ভিত্তি থকা তেজপুৰ আসনখনৰ স্থিতি ২০০৯ৰ নিৰ্বাচনত অগপৰ যোচেফ টপ্পৰ বিজয়ে সলনি কৰি দিয়ে। ২০১৪ চনৰ নিৰ্বাচনত বিজেপিৰ ৰাম প্ৰসাদ শৰ্মাই অগপৰ যোচেফ টপ্পৰ বিৰুদ্ধে বিজয় সাৱ্যস্ত কৰে।

ৰাজ্যখনৰ গোৰ্খা সম্প্ৰদায়ৰ প্ৰতিনিধি শৰ্মাক টিকটৰ পৰা বঞ্চিত কৰাৰ বাবে তেওঁৰ সমৰ্থকসকল অসন্তুষ্ট হৈ পৰিছে। কিন্তু সমষ্টিটোত বিশেষ গুৰুত্বপূৰ্ণ বূমিকা পালন কৰা চাহ সম্প্ৰদায়ৰ পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব দি বিজেপিয়ে সম্প্ৰদায়টোৰ ভোটাৰক আকৰ্ষিত কৰিব বিচাৰিছে।

আনহাতে, ভাৰতীয় চাহ ব’ৰ্ডৰ অধ্যক্ষ হৈ থকা কালত ভানুৱে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদান আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত হৈ থকা কালছোৱাত গ্ৰহণ কৰা কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ বিষয়সমূহক সমল হিচাপে লৈ প্ৰতিদ্বন্দ্বিতাত আগবাঢ়িছে। জিলাখনত এক বুজন সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু আগন্তুক নিৰ্বাচনত তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।

১৯৮৫ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক বিষয়া ভানুৱে তেওঁৰ অৱসৰৰ পাছত অসমকে দ্বিতীয় গৃহ হিচাপে পৰিচয় দি আহিছে।

আনহাতে, যোৰহাট সমষ্টিটোও কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত আছিল। সমষ্টিটোৰ পৰা প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈয়ে ১৯১ চনৰ পৰা একেৰাহে ছয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৪ৰ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ কামাখ্যা প্ৰসাদ তাচাই বিজয় সাৱ্যস্ত কৰে।

এইবাৰ বিজেপিয়ে এক শক্তিশালী প্ৰতিষ্ঠান বিৰোধী সম্ভাৱনাৰ বাবে সমষ্টিটোত তাচাৰ সলনি ৰাজ্যৰ শক্তি মন্ত্ৰী তপন গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

বিজেপিৰ সূত্ৰসমূহৰ মতে, গেৰুৱা দলটোৰ বিপক্ষে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা বিৰোধিতালৈ লক্ষ্য কৰি তাচাক সলনি কৰাটো এটা ভাল পদক্ষেপ।

সমষ্টিটোত এক বুজন সংখ্যক তাই আহোম ভোটাৰ থকালৈ চাই বিজেপিয়ে যোৰহাটত বিধেয়কখনে প্ৰভাৱ পোলাব বুলি নিশ্চিত হৈ এখন নতুন মুখে দলক সহায় কৰিব বুলি পতিয়ন গৈছে।

কংগ্ৰেছে দলটোৰ হেৰুওৱা ভেটি উদ্ধাৰৰ বাবে প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক প্ৰাৰ্থিত্ব দিছে।

ডিব্ৰুগড়ত বিজেপিৰ সাংসদ ৰামেশ্বৰ তেলী আৰু প্ৰসিদ্ধ কংগ্ৰেছ নেতা পবন সিং ঘটোৱাৰৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব। তেলী আৰু ঘাটোৱাৰ দুয়োগৰাকীয়েই চাহ সম্প্ৰদায়ৰ প্ৰতিনিধি।

লখিমপুৰত বিজেপিৰ সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে কংগ্ৰেছৰ অনিল বৰগোঁহাইয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বৰ্তমান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৪ত সমষ্টিটোৰ পৰা সাংসদ হিচাপে বিজয়ী হৈছিল।

সোণোৱাল মুখ্য মন্ত্ৰী হোৱাৰ পাছত ২০১৬ৰ নৱেম্বৰত হোৱা উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বৰুৱাই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে আজি অন্তিম দিনা বিভিন্ন দলৰ ৰথী মহাৰথীয়ে তেওঁলোকৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd