• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2026 6:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন হ’ল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ‘এড-ডি-কেম্প’ বা এডিচি হিচাপে নিযুক্তি লাভ কৰি ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে। ভাৰতীয় সেনাৰ পৰা ৰাষ্ট্ৰপতিৰ এডিচি হোৱা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে তেওঁ পৰিগণিত হৈছে। ৰাষ্ট্ৰপতিৰ দৰে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত থকা ব্যক্তিৰ সৈতে নিৰাপত্তা, আনুষ্ঠানিকতা আৰু সামৰিক শিষ্টাচাৰৰ দায়িত্ব পালনত মহিলা বিষয়াৰ এই উপস্থিতিয়ে সশস্ত্ৰ বাহিনীত নাৰী অংশগ্ৰহণৰ নতুন দিশো দেখুৱাইছে।

ৰাষ্ট্ৰপতি ভৱনৰ বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাষত এতিয়া দেখা যাব মেজৰ নব্য শেখাৱতক। ৰাষ্ট্ৰপতিৰ বিভিন্ন চৰকাৰী কাৰ্যসূচীত সহায় কৰা, সামৰিক আৰু আনুষ্ঠানিক নিয়ম-শৃংখলা বজাই ৰখা, লগতে অসামৰিক আৰু সামৰিক উচ্চপদস্থ বিষয়াসকলৰ মাজত সমন্বয় ৰক্ষা কৰাটো এগৰাকী এডিচিৰ গুৰুত্বপূৰ্ণ দায়িত্ব।

Apply Now

নিয়ম অনুসৰি ৰাষ্ট্ৰপতিৰ সহায়ৰ বাবে মুঠ পাঁচগৰাকী এডিচি নিয়োজিত থাকে। ইয়াৰে তিনিগৰাকী ভাৰতীয় সেনাৰ পৰা আৰু এজনকৈ বিষয়া নৌসেনা আৰু বায়ুসেনাৰ পৰা নিযুক্ত হয়। এই বিষয়াসকল কেৱল অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সৈতে উপস্থিত থকাই নহয়, ৰাষ্ট্ৰপতিৰ দৈনন্দিন চৰকাৰী কাৰ্যসূচী সুচাৰুৰূপে চলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নব্য শেখাৱতৰ সামৰিক জীৱনৰ আৰম্ভণিও আছিল কঠোৰ প্ৰতিযোগিতা আৰু প্ৰশিক্ষণেৰে ভৰা। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছনে অনুষ্ঠিত কৰা কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচেছ পৰীক্ষাত সফলতা লাভ কৰাৰ পাছত তেওঁ শৰ্ট ছাৰ্ভিচ কমিছন উইমেন নন-টেকনিকেল ক’ৰ্ছৰ বাবে নিৰ্বাচিত হয়। ইয়াৰ পাছত চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত তেওঁ কঠোৰ সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।

প্ৰশিক্ষণ শেষ কৰি নব্য শেখাৱতে ভাৰতীয় সেনাৰ আৰ্মি ছাৰ্ভিচ ক’ৰ্পছত বিষয়া হিচাপে যোগদান কৰে। সেনাবাহিনীৰ পৰিবহণ আৰু আন বহু গুৰুত্বপূৰ্ণ যোগান ব্যৱস্থা সচল ৰখাত এই শাখাই মুখ্য ভূমিকা পালন কৰে। ২০২১ চনৰ মাজভাগত সেনাত বিষয়া হিচাপে নিযুক্তি লাভ কৰাৰ কেইবছৰমানৰ ভিতৰতে নিজৰ দক্ষতা আৰু কৰ্মদক্ষতাৰ জৰিয়তে তেওঁ মেজৰ পদলৈ উন্নীত হয়। আৰু সেনাজীৱন আৰম্ভ কৰাৰ প্ৰায় পাঁচ বছৰৰ ভিতৰতে ২০২৬ চনত ৰাষ্ট্ৰপতি ভৱনত এডিচি হিচাপে নিযুক্তি লাভ কৰে।

ভাৰতীয় সেনাৰ পৰা ৰাষ্ট্ৰপতিৰ এডিচি হোৱা প্ৰথমগৰাকী মহিলা বিষয়া নব্য শেখাৱত। অৱশ্যে ৰাষ্ট্ৰপতিৰ এডিচি হিচাপে নিযুক্তি লাভ কৰা তেওঁ মুঠতে দ্বিতীয়গৰাকী মহিলা। ইয়াৰ পূৰ্বে ২০২৫ চনত ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট কমাণ্ডাৰ যশস্বী সোলাংকীয়ে প্ৰথমগৰাকী মহিলা হিচাপে এই দায়িত্ব লাভ কৰিছিল।

সশস্ত্ৰ বাহিনীত মহিলাৰ এই অগ্ৰগতি এদিনতে হোৱা পৰিৱৰ্তন নহয়। ১৯৯২ চনত শৰ্ট ছাৰ্ভিচ কমিছনৰ জৰিয়তে ভাৰতীয় সেনাত মহিলাৰ প্ৰৱেশৰ পথ মুকলি হৈছিল। তাৰ পাছত বিভিন্ন নীতি পৰিৱৰ্তন আৰু আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশৰ জৰিয়তে মহিলাৰ বাবে সেনাবাহিনীত অধিক সুযোগ মুকলি হৈ আহিছে।

বিশেষকৈ ২০২০ চনত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্ট কৰিছিল যে শৰ্ট ছাৰ্ভিচ কমিছনত কৰ্মৰত যোগ্য মহিলা বিষয়াসকলক পুৰুষ বিষয়াৰ সমান চৰ্তত স্থায়ী কমিছনৰ বাবে বিবেচনা কৰিব লাগিব। সেই ৰায়ৰ পাছত ভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাৰ বাবে অধিক দায়িত্ব আৰু সুযোগৰ দুৱাৰ মুকলি হৈছে। মেজৰ নব্য শেখাৱতৰ ৰাষ্ট্ৰপতিৰ এডিচি হিচাপে নিযুক্তি সেই দীঘলীয়া পৰিৱৰ্তনৰ এক উল্লেখযোগ্য অধ্যায় হিচাপে ধৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd