কোভিডে অসমত ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কোভিড প্রট’কল ভংগ কৰাৰ লগতে মীন আইন ১৯৫৩ সম্পূৰ্ণ উলংঘা কৰি টীয়কৰ জাঁজীমুখকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত কণীযুক্ত মাছ নিধন কৰি আহিছে বুলি অভিযোগ তুলিছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।
উল্লেখযোগ্য যে মীন আইন মতে ১৫ জুলাইলৈকে মাছৰ প্ৰজননৰ সময়ছোৱাত মাছ ধৰা নিষেধ যদিও বহু লোকে এতিয়াও এই আইন উলংঘা কৰি নদী, বিলত ধৰি ৰৌ, বৰালি, মিৰিকাকে ধৰি বহু মাছ বিক্ৰী কৰি আহিছে।
এই সম্পৰ্কত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি যোৰহাট জিলাৰ মীন বিষয়া আৰু টীয়ক আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক প্ৰদান কৰিছে আছুৱে।
স্মাৰকপত্ৰত উল্লেখ থকা অনুসৰি এই কণীযুক্ত মাছ নিধন আৰু বিক্ৰীৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি সেইসকল অসাধু চক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে।
এক বিবৃত্তিত টীয়ক আছুৰ উপদেষ্টা ৰন্টু ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমত এটা বিয়াগোম মীন বিভাগ আছে, কিন্তু বিভাগৰ বিষয়াসকলৰ চৰম দুৰ্বলতাত এচাম দুষ্ট চক্ৰই দিনে নিশাই অবাধ হাৰত মীন আইন উলংঘা কৰি কণীযুক্ত মাছ, কাছ বিক্ৰী কৰি আহিছে।
উল্লেখযোগ্য যে মীন বিভাগে থলুৱা মাছ, কাছৰ সংৰক্ষণৰ বাবে ব্যৱস্থা লব লাগে যদিও কাৰ্যক্ষেত্ৰত সেয়া সম্ভৱ হৈ উঠা নাই তাৰ পৰিৱৰ্তে সেই দুষ্ট চক্ৰৰ সৈতে ভিতৰুৱা মিতিৰালি আছে বুলি অভিযোগ কৰিছে।
লগতে তেওঁ উল্লেখ কৰে ভাৰতীয় মীন আইন ১৮৯৭ৰ ৭ ধাৰা আৰু মীন আইন ১৯৫৩ ৰ ২৭ ধাৰা অনুসৰি দণ্ডাদীশ বিষয়া, মীন বিভাগে আইন ভংগ কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লব লাগে তাৎক্ষণিকভাৱে।
আনহাতে এক বিবৃত্তিত টীয়ক আছুৰ উপদেষ্টা প্ৰীতমজ্যোতি শইকীয়া, প্ৰশান্ত দোলাকাষৰীয়াই কয় যে জাঁজীমুখকে ধৰি বহু অঞ্চলত অবাধ হাৰত কণীযুক্ত মাছ নিধনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ন মীন আইন উলংঘা কৰা হৈছে।
গতিকে সেইসকল ব্যক্তিৰ বিৰুদ্ধে মীন বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসমূহ চৰকাৰী অনুমতিপ্ৰাপ্ত মাছ বিক্রী স্থানত অবৈধভাৱে কণীযুক্ত মাছ বিক্ৰী কৰি আহিছে সেইসকল ভেণ্ডৰৰ চৰকাৰী অনুমতি বাতিল কৰিব লাগে মীন বিভাগে বুলি তেওঁলোকে উল্লেখ কৰিছে।