যুদ্ধবিৰতি ৫ টাকৈ আদিবাসী সংগঠনৰ লগতে আদিবাসী নেশ্যনেল কনভেন্সনৰ এক প্ৰতিনিধি দলে আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্য্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে।
আদিবাসী কোব্ৰা মিলিটেণ্ট ফ’ৰ্ছ, বীৰছা কামাণ্ডো ফ’ৰ্ছ, আদিবাসী পিপ’লছ আৰ্মী, আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মী আৰু চাওতাল টাইগাৰ ফ’ৰ্ছৰ নেতৃবৰ্গই সাক্ষাতৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালক আদিবাসীসকলৰ জনজাতিকৰণকে ধৰি জনগোষ্ঠীটোৱে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰাজিৰ বিষয়েও অৱগত কৰে।
সাক্ষাতৰ সময়ত প্ৰতিনিধি দলটোৱে মুখ্য মন্ত্ৰী সোণোৱালক এখন স্মাৰক পত্ৰও প্ৰদান কৰে।
যুদ্ধ বিৰতিত থকা গোটকেইটাৰ নেতৃবৰ্গই মুখ্য মন্ত্ৰীক অৱগত কৰে যে ২০১২ চনতে এই সংগঠনকেইটাই অস্ত্ৰ সম্বৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত সংগঠনকেইটাৰ দাবীসমূহৰ ওপৰত কোনো আলোচনা অনুষ্ঠিত হোৱা নাছিল।
অৱশ্যে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
সংগঠনকেইটাৰ নেতৃবৰ্গই ইয়াৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনোৱাৰ লগতে আদিবাসীসকলৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰে।
আদিবাসীসকল অসম আৰু অসমীয়াৰ অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তি সম্পাদনৰ দিশতো পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰী সোণোৱালক অনুৰোধ জনায়।
নেতৃবৰ্গই আদিবাসীসকলৰ জনজাতিকৰণৰ লগতে আদিবাসী অধ্যুষিত এলেকাত নাৰ্ছিং পাঠ্যক্ৰমৰ শিক্ষানুষ্ঠান, বহুমুখী শিক্ষা প্ৰতিষ্ঠান, আদিবাসী অঞ্চলৰ ভেন্সাৰ স্কুলৰ প্ৰাদেশীকৰণকে ধৰি কেতবোৰ দাবী বৈঠকত উল্লেখ কৰে।
মুখ্য মন্ত্ৰী সোণোৱালে প্ৰতিনিধি দলটোক কয় যে অসম চৰকাৰে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰিছে।