দীৰ্ঘদিন ধৰি যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ অঞ্চলত সাঁচি গছ চুৰি কাৰ্যৰে জড়িত পাঁচজন চোৰক সোমবাৰে নিশা ৰাইজে হাতেলোটে ধৰি উত্তম-মধ্যম সোধায়। ৰাইজে চোৰকেইজনে ব্যৱহাৰ কৰা এখন ইন্ডিগ’ চি এচ গাড়ী আৰু হোণ্ডা চাইন মটৰ চাইকেল ভাঙি চুৰমাৰ কৰাৰ লগতে এখন টাটা মেজিক গাড়ী জব্দ কৰি আৰক্ষীক চমজাই দিয়ে।
উল্লেখযোগ্য যে জগদুৱাৰ দলৈ গাঁৱৰ ৰঞ্জন বৰুৱা নামৰ ক্ষুদ্ৰ চাহ খেতিয়কজনৰ চাহ বাগিছাৰ পৰা চোৰ কেইজনে যোৱা নিশা মূল্যবান সাঁচি গছ কাটি বিলাসী গাড়ীখনত উঠাবলৈ লওতেই ৰাইজে তেওঁলোকক হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল।
ধৃত চোৰ কেইজনক টীয়কৰ সমীপৰ কাকজান দেৱান আৰু কাকজান আৰন্ধৰা গাঁৱৰ জাহিৰ ৰহমান, বাবুল হুছেইন, মাহমুদুল হুছেইন, ৰাজীৱ আহমেদ আৰু ইদ্দুল হক বুলি চিনাক্ত কৰা হৈছে। আনহাতে মাইনা নামৰ কাকজানৰ এজন চোৰ বৰ্তমান পলাতক অৱস্থাত আছে।
বৰ্তমান টীয়ক আৰক্ষীৰ জিম্মাত থকা চোৰ কেইগৰাকীয়ে আৰক্ষীৰ আগত দীৰ্ঘদিন ধৰি সাঁচি গছ চুৰিৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰে।
লক্ষণীয় যে প্ৰায় এমাহৰ পূৰ্বে ধৃত জাহিৰ আৰু ৰাজীৱৰ লগতে পলাতক মাইনাই সাঁচি গছ পৰিবহণ কৰা গাড়ী টীয়ক আৰক্ষীয়ে ধৰাৰ প্ৰতিবাদত টীয়ক আৰক্ষী থানা ঘেৰাও কৰা কাৰ্যসূচীত আগভাগ লোৱাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ শাস্তি দাবী জনাইছিল।