NORTHEAST NOW (Assamese)

মৰ্মান্তিক! গহপুৰৰ ৰঙাজানত নিশা হুঁচৰি দলৰ গাড়ী দুৰ্ঘটনাগ্ৰস্তহৈ ৫গৰাকী যুৱক-যুৱতীৰ মৃত্যু

April 17, 2022 12:03 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ
ফটো: নৰ্থইষ্ট নাও।

গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। নিশা হুঁচৰি গাবলৈ যোৱা এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ ৫গৰাকী যুৱক-যুৱতীয়ে মৃত্যুক আকোঁৱালি লয়৷

AS 25 DC 7418 নম্বৰৰ এখন বলেৰ’ পিকআপ বাহনত হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল ৷ ভয়াবহ এই দুৰ্ঘটনাৰ ফলত তিনিগৰাকী যুৱতী সহ দুজন যুৱকৰ মৃত্যু ঘটিছে ৷

দুৰ্ঘটনাত নিহত যুৱতী কেইগৰাকী হৈছে ক্ৰমে ৰাধিকা দৈমাৰী, বুদ্ধিমতি বড়ো আৰু বৰ্ণালী বড়ো ৷

আনহাতে, নিহত যুৱক দুজন হৈছে ক্ৰমে সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী ৷ নিহত আটাইকেইজনৰে ঘৰ উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে৷

ইপিনে, ভয়াবহ দুৰ্ঘটনাটোত আন ৫ জন যুৱক-যুৱতীও আহত হয় ৷ 

Related News