DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে কংগ্ৰেছ নেতাই; ফেচবুকত প’ষ্ট কৰিলে পত্নীলৈ লিখা দীঘলীয়া পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2022 12:58 pm
এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে কংগ্ৰেছ নেতাই; ফেচবুকত প’ষ্ট কৰিলে পত্নীলৈ লিখা দীঘলীয়া পত্ৰ

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ সৈতে সদ্য আলফাত যোগদান কৰা কংগ্ৰেছ নেতা জনাৰ্দন গগৈ। ফাইল ফটো।

231
VIEWS
Share on FacebookShare on Twitter

এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে এগৰাকী কংগ্ৰেছ নেতাই। আলফা স্বাধীনত যোগদান কৰা নেতাজনৰ নাম জনাৰ্দন গগৈ।

চেংকয় হিচাপেও পৰিচিত জনাৰ্দন গগৈ যুৱ কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

জনাৰ্জন গগৈৰ ঘৰ শদিয়াৰ উদয় নগৰত বুলি জানিব পৰা গৈছে।

পত্নীলৈ উদ্দেশ্যি সামাজিক মাধ্যমত এটা দীঘলীয়া পোষ্ট কৰি তেওঁ আলফা স্বাধীনত যোগদান কৰাৰ কথা উল্লেখ কৰে। পত্নী গৰ্ভৱতী আছিল বুলিও জানিব পৰা গৈছে।

ফেচবুকত প’ষ্ট কৰা পত্নীলৈ লিখা দীঘলীয়া পত্ৰখনত জনাৰ্দন গগৈয়ে লিখিছে, ’’মই গুচি আহিলো। এচাম মানুহে অসমীয়া জাতিটোৰ অস্তিত্ব নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে। জাতিটোৰ নামত দালালি কৰা সকলো ৰাজনৈতিক অথবা তথাকথিত জাতীয় দল-সংগঠনৰ চৰিত্ৰবোৰ দেখিলোঁ৷ আজি আমাৰ মানুহবোৰ নিজ মাতৃভূমিতেই অসহায় হৈ পৰিছে। এনেকৈ চকুৰ আগতে জাতিটো তিল তিলকৈ ধ্বংস হৈ যোৱাটো মই চাই থাকিব নোৱাৰো। বছৰ বছৰ ধৰি নিজ মাটিতেই প্ৰতাৰণা আৰু শোষণৰ বলি হোৱা সহজ সৰল আপোন মানুহখিনিৰ দুখ যান্ত্ৰনাখিনি দেখি বুজিও হাত সাৱটি বহি থাকিব নোৱাৰিলোঁ।‘’

তেওঁ লগতে লিখিছে, ‘’আনহাতে গণতন্ত্ৰৰ নামধাৰী এই চৰকাৰ খনে সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদক কেতিয়াও গুৰুত্ব নিদিয়ে। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে, জাতিৰ হেৰুওৱা স্বাধিকাৰ আৰু স্বাভিমান ঘূৰাই আনিবলৈ সশস্ত্ৰ সংগ্ৰামৰ বিকল্প নাই। এই সংগ্ৰামত বহুতে বহু ত্যাগ দিলে, আমিও দিব লাগিব। জাতিৰ স্বাধিকাৰ ঘূৰাই নোপোৱা পৰ্যন্ত; দেহত অসমীয়াৰ তেজ থকা শেষজন ব্যক্তি জীয়াই থকালৈকে এই সংগ্ৰাম চলি থাকিব। জয় পৰাজয় সময়ত নিৰূপণ হব, কিন্তু বুৰঞ্জীৰ পৃষ্ঠাত বীৰ জাতিৰ তালিকাত লিখা থকা আমাৰ নামটো আমি মচিব দিব নোৱাৰো।‘’

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd