NORTHEAST NOW (Assamese)

দিখৌ নদীৰ শিহৰণকাৰী দুৰ্ঘটনা : একেলগে অক্ষত অৱস্থাত হৰেন বৰাৰ পৰিয়ালৰ পাঁচটা মৃতদেহ

September 5, 2018 11:54 am · এন ই নাও নিউজ
Updated: September 5, 2018 1:10 pm
দিখৌৰ বুকুৰ পৰা উদ্ধাৰ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন।
দিখৌৰ বুকুৰ পৰা উদ্ধাৰ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন।

দিখৌ নদীৰ বুকুত হৰেন বৰাৰ গোটেই পৰিয়ালটোৰ সৈতে ডুব যোৱা ছুইফট ডিজায়াৰখনৰ আজি পঞ্চম দিনতহে সন্ধান উলিয়াবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল।

যোৱা চাৰি দিন ধৰি অবিৰাম চেষ্টাৰ পিছতো সফল হোৱা নাছিল উদ্ধাৰকাৰী দল। এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে তিনি দিন ধৰি কোনো শুংসূত্ৰ নোপোৱাৰ পিছত ৪ তাৰিখৰ পৰা অন্ধ্ৰ প্ৰদেশৰ পৰা অহা নৌসেনাৰ ৮জনীয়া বিশেষজ্ঞৰ দলো আহিছিল। কিন্তু ৪ ছেপ্তেম্বৰৰ দিনটো অভিযান চলায়ো সফল হোৱা নাছিল নৌসেনা বাহিনী।

দিখৌৰ বুকুৰ পৰা উদ্ধাৰ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন।

অৱশেষত আজি পুৱাৰ ভাগতে দিখৌৰ বুকুত গাড়ীখনৰ সন্ধান পালে এছ ডি আৰ এফৰ মণ্টু ওৰাঙে। সন্ধান লাভ কৰাৰ পিছতে এছ ডি আৰ এফ বাহিনীয়ে পানীৰ তলত থকা গাড়ীখনত শিকলি আৰু ৰছী লগাই উঠাবৰ চেষ্টা কৰে। ১১.৪০ বজাত গাড়ীখন পানীৰ ওপৰলৈ আনিবলৈ সক্ষম হয় বাহিনীটো।

জানিব পৰামতে, গাড়ীৰ ভিতৰতে একেলগে আছে পৰিয়ালৰ পাঁচজন সদস্যৰ আটাইকেইটা মৃতদেহ।

Related News