ডাৱল ইঞ্জিনৰ চৰকাৰৰ অভিলেখ : বিহাৰত ৯ দিনত ভাগি পৰিল ৫ খনকৈ দলং

বিহাৰত পুনৰ ভাঙি পৰিল আন এখন দলং। শুকুৰবাৰে বিহাৰৰ মধুবনীত ৭৫ মিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণাধীন দলং ভাঙি পৰে। যোৱা ৯ দিনত ৰাজ্যখনত ভাঙি পৰিছে ৯ খনকৈ পকী দলং।

ইয়াক লৈ নীতিশ কুমাৰৰ চৰকাৰক আক্ৰমণ কৰিছে আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে।

শুকুৰবাৰে তেজস্বী যাদৱে নিজৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰি লিখিছে, “৯ দিনত বিহাৰত ৫ খন দলং ভাঙি গ’ল। মধুবনী-সুপালৰ মাজত বছৰ বছৰ ধৰি নিৰ্মাণ হোৱা দলংখন ভাঙি গৈছে। এই খবৰটো জানেনে?”

আন এটা পোষ্টত তেওঁ লিখিছে, “অভিনন্দন! বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ দুগুণ শক্তিৰ বাবে মাত্ৰ ৯ দিনত ৫ খন দলং ভাঙি পৰিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত ৬ দলৰ ডাবল ইঞ্জিন চৰকাৰে ৯ দিনত ৫খন দলং ভাঙি পৰাৰ পিছত মংগলৰাজৰ কল্যাণৰ বাবে বিহাৰবাসীলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে।”

শেহতীয়াকৈ নেপালৰ সীমান্তত ৰাজ্যখনৰ উত্তৰতম অংশত অৱস্থিত মধুবনী জিলাৰ ৱেট থানা অঞ্চলৰ পৰা দলং ভাঙি পৰাৰ খবৰ পোৱা গৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ভাঙি পৰা দলংখন দুবছৰতকৈও অধিক সময় ধৰি নিৰ্মাণৰ কাম চলি আছে। কোশী নদীৰ ওপৰত বিহাৰ চৰকাৰৰ গ্ৰাম্য কাম বিভাগে ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছিল দলংখন।

জানিব পৰা মতে কিছুদিন পূৰ্বে দলংখনৰ এটা খুঁটা ভাঙি গৈছিল।

ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে। ইয়াৰ উপৰিও দলংখন ক্ষিপ্ৰ মেৰামতিৰ নিৰ্দেশ দিয়া হৈছে।