• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত বানে লৈছে সংহাৰী ৰূপ; চৌদিশে বন্যাৰ্তৰ মাজত হাহাকাৰ অৱস্থা

বানপীড়িতক এমুঠি চাউল খোৱাই দায় সামৰিলে নহ'ব, সম্পূৰ্ণ ৰিলিফ মেনুৱেল মতে দিব লাগিব সাহায্য: সোনেশ্বৰ নৰহ

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
July 4, 2024 9:57 am
ফটোঃ নৰ্থইষ্ট নাও।

ফটোঃ নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ বংকোৱালত বংকোৱাল নেঘেৰিটিং সংযোগী মথাউৰিৰ এক গুৰুত্বপূৰ্ণ অংশ বানে চিঙি পেলোৱাৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আকস্মিকভাৱে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত দিকবিদিক হেৰুৱাই হাহাকাৰ অৱস্থা হৈছে হাজাৰ হাজাৰ পৰিয়ালৰ।

ইতিমধ্যে বানাক্ৰান্ত পৰিয়াল সমুহক অস্থায়ী বান আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। ব্যৱস্থা কৰা হৈছে সাহায্য প্ৰদানৰ। পিছে বান শিৱিৰ সমুহত বানপীড়িত ৰাইজে  সঠিক ৰূপত বান সাহায্য পাইছেনে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

এই উদ্দেশ্যে বোকাখাতৰ প্ৰতিটো বান আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি সজাগতা সৃষ্টিৰ লগতে দাবী সম্বলিত বিশেষ জাননী আঁৰি দিছে জীপাল কৃষক শ্ৰমিক সংঘই। এই অনুসৰি

Apply Now

■ আওপুৰণি ৰিলিফ মেনুৱেলখন সংশোধন কৰি বৰ্তমানৰ বজাৰ মূল্যত আক্ৰান্ত পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই।

■SDRF আৰু NDRF নীতি অনুসৰি প্ৰাকৃতিক দুর্যোগত ক্ষতিগ্রস্ত ৰাইজে কৃষি, ঘৰুৱা সম্পদ আৰু পশুধনৰ বাবদো উচিত ক্ষতিপূৰণৰ দাবী সংগঠনটোৰ।

■ইফালে সকলো বিভাগ মিলি যৌথ সমীক্ষাৰ কাম সম্পূৰ্ণ কৰাৰো তুলিছে দাবী।

■লগতে বৃহৎ নদী বান্ধ বন্ধৰো সজোৰে দাবী তুলি ধৰিছে সংগঠনটোৱে।

বোকাখাতত বানৰ সংহাৰী ৰূপ। ফটোঃ নৰ্থইষ্ট নাও।

উল্লেখযোগ্য যে প্ৰলয়ংকাৰী বানে বাৰে বাৰে অসমৰ থলুৱা ৰাইজক সৰ্বস্বান্ত কৰিছে তাত কাৰো দ্বিমত নাই। দৰাচলতে ধন জনৰ হানি কৰি জাতিটোৰ ৰাজহাঁড় নোহোৱা কৰিছে এই প্ৰলয়ংকাৰী বানে।

কিন্তু লক্ষণীয় কথা যে এই প্রাকৃতিক দুর্যোগৰ সৈ’তে মোকাবিলা কৰিবলৈ চৰকাৰৰ নীতিৰ ভিতৰতে থকা বহু সা-সুবিধা তথা অধিকাৰৰ কথা সম্পৰ্কে যুগ যুগ ধৰি অজ্ঞ সাধাৰণ গঞা।

পৰিতাপৰ কথা ইয়াৰ তথ্য সন্দৰ্ভতো নির্লিপ্ত তথা নথিবিহীন চৰকাৰ। যাৰ বাবে এতিয়া বান আশ্ৰয় শিৱিৰ সমুহত দাবী সম্বলিত জাননী আঁৰি ৰাইজৰ সকলোধৰণৰ সম্পদৰ ক্ষয়-ক্ষতিৰ মূল্যৰ দাবী তুলি ধৰাৰ লগতে সজাগতাৰ সৃষ্টি কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।

ইফালে সাধাৰণ গঞাৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ চৰকাৰে যুগ যুগ ধৰি ভুক্তভোগীসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ জীপালৰ।

তদুপৰি, ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি (SDRF) আৰু ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য (NDRF) পুঁজিৰ শিতান থকা সম্পৰ্কে বানাক্ৰান্তৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে সংগঠনটোৱে।  লগতে SDRF ৰ নীতি অনুসৰি কি কি দিশত সাহায্য লাভ কৰিব পাৰি তাৰ সম্যক তালিকা এখন প্রকাশ কৰি আঁৰি দিয়া হৈছে প্ৰতিটো আশ্ৰয় শিৱিৰত।

বান সাহায্য শিৱিৰত জীপালৰ সজাগতা অভিযান। ফটোঃ নৰ্থইষ্ট নাও।

তালিকাত উল্লেখ কৰা মতে- SDRF ৰ নীতি অনুসৰি এজন পূৰ্ণ বয়স্ক মানুহে পাব লগীয়া চাউলৰ পৰিমাণ ৬০০ গ্ৰাম, দাইল ১০০ গ্ৰাম, মিঠাতেল ৩০ মিঃ লিঃ, গুৰ ১০০ গ্ৰাম, চিৰা ৬০০ গ্ৰাম, নিমখ ৩০ গ্ৰাম।

সেইদৰে প্রাকৃতিক দুর্যোগৰ ফলত এজন লোকে হাত ভৰি চকু হেৰুৱালে ৭৪,০০০টকা (৪০%-৬০% অক্ষম হলে) প্ৰদান কৰাৰ ব্যৱস্থা কৰা। ৬০% অক্ষম হলে ২.৫ লাখ টকা, সাতদিনতকৈ বেছি চিকিৎসাধীন হ’লে ১৬০০০টকা, সাতদিনতকৈ কম চিকিৎসাধীন হ’লে ৫৪০০ টকা,আৰু মৃত্যুৰ বাবদ SDRF ৰ ৪০০০০০টকা, কেন্দ্রীয় সাহায্য পুঁজিৰ ২,০০,০০০টকা ধৰি সর্বমুঠ ৬,০০,০০০টকা যদিও সৰ্বমুঠ এককোটি টকা প্ৰদানৰ দাবী জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই। 

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd