গ্ৰাম্য অৰ্থনীতিৰ অন্যতম প্ৰতিষ্ঠান হিচাপে পৰিচিত হৈ অহা সমবায় সমিতি সমূহৰ ভিতৰত কিছু সংখ্যক সমবায় সমিতিয়ে সঘনাই সমবায় আইন ভংগ কৰা পৰিলক্ষিত হৈ আহিছে।
এনে আইন ভংগৰ অপৰাধত গোৱালপাৰা জিলাত বিভাগীয় কর্তৃপক্ষই পাঁচখনকৈ সমবায় সমিতি ভাঙি দিয়াৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।
এই খবৰে অংশীদাৰ আৰু সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
গোৱালপাৰা জিলা সমবায় সমিতি সমূহৰ জিলা উপ পঞ্জীয়ক আৰু সহঃপঞ্জীয়কৰ কাৰ্যালয়ৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি ইতিমধ্যে জিলা খনৰ ধনুভাঙা, সিধাবাৰী, বৰদামাল, দৰংগিৰি,কৃষ্ণাই সমবায় সমিতিলৈ সমিতি ভংগৰ জাননী প্ৰেৰণ কৰিছে।
তদুপৰি, প্ৰতিখন সমবায় সমিতিত এজনীয়া তদৰ্থ সমিতি গঠনৰ নিৰ্দেশ জাৰি কৰিছে ৷
বিভাগটোৰ আন এক সুত্ৰই সদৰি কৰা তথ্য অনুসৰি সমবায় সমিতি সমুহে প্ৰতিটো বিত্তীয় বৰ্ষত হিচাপ-নিকাচ সম্পূৰ্ণ কৰি সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে আৰু ইয়াত ১০% অংশীদাৰ উপস্থিত থাকিব লাগে ৷
কিন্তু জিলাখনৰ এই পাঁচখন সমবায় সমিতিয়ে এই নিয়ম উলংঘা কৰি অহাত বিভাগটোৱে এই পাঁচখন সমবায় সমিতি ভংগ কৰি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে ৷
জানিব পৰা মতে, ভংগ হোৱা সঞ্চালক মণ্ডলীৰ কোনো এজনে সমবায় আইন অনুসৰি আগন্তুক পাঁচ বছৰত সমবায় সমিতিৰ কোনো দায়িত্ব ভাৰ ল’ব নোৱাৰিব।
উল্লেখ্য যে বহু কেইখন সমবায় সমিতিৰ লগতে উক্ত সমবায় সমিতিকেইখনৰ বিৰুদ্ধে বিভিন্ন সময়ত অনিয়মৰ অভিযোগ উঠি আহিছিল।