৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি উৎসৱ : ভৰি পৰিছে দেশ-বিদেশৰ পৰ্যটক

Chandubi-Chandubi-Festival

ফাইল ফটো

নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হৈছে নৱমসংখ্যক চানডুবি উৎসৱ । বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ সমাহাৰ, চানডুবি বিলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণক মূল বিষয়বস্তু হিচাপে লৈ বিগত কেই বছৰ ধৰি উদযাপন কৰি অহা এই উৎসৱ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

উল্লেখ্য যে জনপ্ৰিয় চানডুবি উৎসৱ ৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰাকৃতিক পৰিৱেশৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি মোহিত হৈ পৰে বুলি ভাষণত উল্লেখ কৰে।

১৮৯৭ চনৰ ভূমিকম্পত সৃষ্টি হোৱা এই চানডুবি বিলখনৰ সংৰক্ষণ তথা পৰ্যটকৰ বাবে আকৰ্ষণৰ স্থল হিচাপে পৰিগণিত কৰাৰ বাবে ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ২০১১ৰ পৰা প্ৰতি বছৰে পহিলা জানুৱাৰিৰ পৰা আয়োজন কৰি অহা এই ‘চানডুবি উৎসৱ’ৰ বাবে উদ্যোক্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে।

তেওঁ লগতে এই বিলখনৰ উন্নয়ন তথা পৰ্যটকক আকৰ্ষণ কৰাৰ অৰ্থে ব্যক্তিগতভাৱে হ’লেও সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। আনহাতে উৎসৱ সমিতিৰ তৰফৰ পৰা বিলখনলৈ অহা-যোৱা কৰা বাট-পথ মেৰামতি তথা বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ ৰাজপালগৰাকীক প্ৰদান কৰা হয়।

অহা ৫ জানুৱাৰীলৈকে চলিবলগীয়া এই উৎসৱত ইতিমধ্যে পৰ্যটকসকলে ৰাজ্যখনৰ জনগোষ্ঠীসকলৰ বৰ্ণাঢ্য কৃষ্টিৰ আনন্দ লোৱাৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ নান্দনিক সৌন্দৰ্যও উপভোগ কৰিছে। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জনপ্ৰিয় চানডুবি উৎসৱখনি উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তত অৱস্থিত বিখ্যাত চানডুবি বিলৰ লগতে অঞ্চলটোক পৰ্যটনস্থল হিচাপে অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে ২০১১ বৰ্ষৰ পৰা অনুষ্ঠিত হৈ অহা চানডুবি উৎসৱত লোকনৃত্য, বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ, হাতীত উঠা, নাও চালনা, পৰম্পৰাগত খেল-ধেমালি আদি প্ৰদৰ্শিত কৰা হয়।