হোটেল ব্যৱসায়ীক অপহৰণ, ধন দাবী; হাউলী আৰক্ষীৰ জালত ৫ ভুৱা দুর্নীতি নিবাৰক বিষয়া

হাউলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৫ ভুৱা দুৰ্নীতি নিবাৰক বিষয়া। ফটো: নৰ্থইষ্ট নাও।

এগৰাকী হোটেল ব্যৱসায়ীক সোধপোছৰ নামত অপহৰণ পিছতে ৭ লাখ টকা দাবী কৰিছিল পাঁচজন ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ (এন্টি ক’ৰাপছন) বিষয়াই।

অবশেষত আৰক্ষীৰ অভিযানৰ অন্তত ৰঙিয়াত এই ভুৱা ৫জন দুৰ্নীতি নিবাৰক বিষয়াক গ্ৰেপ্তাৰ কৰে বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে ৷ অপহৰণৰ তিনি ঘন্টাৰ ভিতৰতে হাউলী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ভুৱা পাঁচ বিষয়াক।

আটকাধীন ভুৱা দুৰ্নীতি নিবাৰক বিষয়া কেইজন হৈছে ক্ৰমে নলবাৰীৰ ৰাজেশ ডেকা আৰু কংকন ডেকা, পাঠশালাৰ ইনজামুল ইচলাম, মনজিৎ ৰয় আৰু নয়ন তালুকদাৰ।

লগতে পঢ়ক: হঠাৎ দিখৌ নদীৰ পানীয়ে সলাইছে ৰং; প্ৰথমে নীলা তাৰ পিছত সেউজীয়া হৈ পৰিছে দিখৌৰ পানী

আনহাতে, দলটোৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ ল’গ’ লগাই থোৱা AS 01 BP 8309 নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু AS 14 E 9624 নম্বৰৰ মটৰ চাইকেল এখনৰ লগতে কেইবাটাও মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷

হাউলীৰ কালঝাৰৰ বৈশ্য লাইন হোটেলখনত অবৈধ কাম কাজ চলাৰ অভিযোগ তুলি হোটেলখনৰ মালিক মনোহৰ বৈশ্যৰ আগত নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি হোটেলৰ পৰাই মালিকগৰাকীক ৰঙিয়ালৈ উঠাই লৈ গৈছিল৷ 

ইপিনে ব্যৱসায়ীগৰাকীক উঠাই লৈ যোৱাৰ পিছতে নিজকে দুৰ্নীতি নিবাৰক শাখাৰ   বিষয়া বুলি পৰিচয় দিয়া দলটোৱে ব্যৱসায়ীগৰাকীৰ জৰিয়তে পৰিয়ালৰ লোকক ৭ লাখ টকা দাবী কৰে ৷ 

পৰিয়ালৰ লোকক ফোনযোগে ধনদাবী কৰাৰ পিছতে পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ ৷

লগতে পঢ়ক: প্ৰতিবাদী কৃষকক গাড়ীৰে চেপি নিহত কৰা লখিমপুৰ খেৰি কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

ইয়াৰ পাছতে হাউলী আৰক্ষীয়ে কৌশলেৰে ৰঙিয়াৰ মৰাণজানা নামে ঠাইত হাউলীৰ স্থানীয় কেইজনমান যুৱকৰ সহযোগত অভিযান চলাই ব্যৱসায়ীগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দিয়া পাঁচ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে । 

অপহৰণ আৰু ধনদাবীৰ অভিযোগত এতিয়া পাঁচ ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ   বিষয়া ৰঙাঘৰৰ আলহী হ’বলগীয়া হোৱা ঘটনাক লৈ হাউলীত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷