• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদী কৃষকক গাড়ীৰে চেপি নিহত কৰা লখিমপুৰ খেৰি কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2022 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ খেৰি কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিষ মিশ্ৰৰ জামিন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। এতিয়া প্ৰায় দুমাহ বাহিৰত থকাৰ পিছত পুনৰ জে’ললৈ যাব লাগিব উত্তৰ প্ৰদেশৰ প্ৰভাৱশালী বিজেপি নেতাগৰাকী। আদালতে তেওঁক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।  

উল্লেখ্য যে যোৱা বছৰ ৩ অক্টোবৰত লখিমপুৰ খেৰিত কৃষকসকলৰ প্ৰতিবাদ চলি থকাৰ সময়ত আশিষ মিশ্ৰৰ গাড়ীৰ তলত পিষ্ট হৈ চাৰিজন কৃষকৰ মৃত্যু ঘটিছিল। তাৰপিছতে একপ্ৰকাৰ ৰণক্ষেত্ৰত পৰিণত হৈছিল গোটেই অঞ্চলটো।

আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত আৰক্ষীক ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। তাৰমাজতে গণ প্ৰহাৰৰ ঘটনাও ঘটে। এনে হিংসাত্মক পৰিস্থিতিত আন চাৰিজন লোকেও প্ৰাণ হেৰুৱায়।

Apply Now

লগতে পঢ়ক: ‘চৰকাৰী গাফিলতি’ৰ বাবে দেশত ৪০লাখ লোকৰ কোভিডত মৃত্যু; দাবী ৰাহুল গান্ধীৰ

উক্ত ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশিষ মিশ্ৰ মনু। এই গোচৰত আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত (চাৰ্জশ্বীট) আশিষ মিশ্ৰক মূল অভিযুক্ত হিচাপে দেখুওৱা হৈছে।

ঘটনাৰ পিছতে ৯ অক্টোবৰত মূল অভিযুক্ত আশিষ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হয়। প্ৰায় চাৰি মাহ জে’লত থকাৰ পিছত যোৱা ফেব্ৰুৱাৰী মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে তেওঁৰ জামিন মঞ্জুৰ কৰে।

চাৰিমাহ জে’লত থাকি মুকলি হৈ আশিষ মিশ্ৰই আনকি উত্তৰ প্ৰদেশ বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰতো অংশ লয়।

ইপিনে, উক্ত ঘটনাত নিহত তিনিজন কৃষকৰ পৰিয়ালে আশিষ মিশ্ৰৰ জামিনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন জনায়। তেওঁলোকৰ আবেদনৰ ভিত্তিতে এইবাৰ শীৰ্ষ আদালতখনে আশিষ মিশ্ৰৰ জামিন নাকচ কৰিলে।

উচ্চতম ন্যায়ালয়ে লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ক এই গোচৰৰ নতুনকৈ শুনানি গ্ৰহণৰো নিৰ্দেশ দিছে।

লগতে পঢ়ক: কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ! প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ

মন কৰিবলগীয়া কথাটো হ’ল যে কৃষক হত্যাৰ ঘটনাৰ মূল অভিযুক্ত হোৱা সত্তেও বিজেপিয়ে এতিয়াও আশিষ মিশ্ৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেইদৰে  তেওঁৰ পিতৃ অজয় মিশ্ৰকো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰা হোৱা নাই।

ইয়াৰ পৰিৱৰ্তে এই সমগ্ৰ ঘটনাটোত বিজেপি দল আশিষ মিশ্ৰ আৰু তেওঁৰ পিতৃ অজয় মিশ্ৰৰ কাষতে থিয় দিছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd