বন্ধত ফুৰিবলৈ গৈ কৰুণ পৰিণতি! লোনাভালা জলপ্ৰপাতত উটি গ’ল একেটা পৰিয়ালৰে ৫ সদস্য

ফটোঃ সংগ্ৰহীত।

বন্ধত ফুৰিবলৈ গৈ কৰুণ পৰিণতি। পুনেৰ লোনাভালাৰ ভূষি বান্ধৰ সমীপত এটা জলপ্ৰপাতে উটুৱাই লৈ যায় একেটা পৰিয়ালৰে পাঁচজন সদস্যক। ইয়াৰে ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বাকী দুজনৰ সন্ধান চলি আছে।

লোনাভালাৰ ভূষি বান্ধটো মহাৰাষ্ট্ৰৰ অতি জনপ্ৰিয় পৰ্যটনস্থলী। দেওবাৰৰ বন্ধৰ দিনত পুনেৰ চৈয়দ নগৰৰ আনছাৰী পৰিয়ালটো তালৈ ফুৰিবলৈ গৈছিল। দুপৰীয়া পানী অলপ কম হোৱাৰ বাবে পৰিয়ালৰ পাঁচজন সদস্য তলত নামি গ’ল।

কিছু মুহূৰ্তৰ ভিতৰতে জলপ্ৰপাতটোৱে এখন খৰস্ৰোতা নদীৰ ৰূপ ল’লে। পানীৰ একেবাৰে মাজত তেওঁলোক আবদ্ধ হৈ পৰিল। ইজনে সিজনক আঁকোৱালি ধৰিবলৈ চেষ্টা কৰিলেও প্ৰচণ্ড সোঁতে উটুৱাই লৈ গ’ল। চাৰিওফালে মানুহ থিয় হৈ আছিল যদিও কোনেও একো কৰিব পৰা নাছিল।

লগতে পঢ়কঃ নাম নুঠিল বিৰাটৰ! ভাৰতৰ ৬ গৰাকী খেলুৱৈৰে বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ ঘোষণা আই চি চিৰ

আৰক্ষীয়ে জনোৱা মতে, নিহত কেইজন হৈছে চাহিস্তা লিয়াকত আনছাৰী (৩৬), আমিমা আদিল আনছাৰী (১৩), উমেৰা ওৰফে ছলমান আদিল আনছাৰী (৮)। এতিয়াও সন্ধানহীন হৈছে আদনান শ্বাবাত আনছাৰী (৪), আৰু মাৰিয়া আনছাৰী (৯)। উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। কিন্তু ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ বাবে তালাচী মন্থৰ হৈছে।

প্ৰথম অৱস্থাত আৰক্ষীয়ে অনুমান কৰিছে যে ভূষি বান্ধৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ জলপ্ৰপাতত কেনেবাকৈ ৫জন লোক পিছলি পৰে। স্থানীয় ৰাইজৰ মতে, জলপ্ৰপাতটোৰ পাৰত শেলুৱৈৰে ভৰা শিলবোৰৰ ওপৰত ভৰি পিছলি গৈ পানীৰ সোঁতত পৰি উটি গৈছে তেওঁলোক।

প্ৰতি বছৰে বাৰিষাৰ সময়ত লোনাভালাত হাজাৰ হাজাৰ পৰ্যটকৰ ভিৰ হয়। কেইবাদিনো ধৰি অবিৰত বৰষুণৰ ফলত বান্ধটোৰ পানী ওফন্দি উঠিছে। সেয়ে প্ৰশাসনে কেইবাবাৰো পৰ্যটকসকলক সকীয়াই দিছে। কিন্তু পৰিয়ালটোৱে সকলো নিয়ম আওকাণ কৰি বিপদজনক স্থানলৈ গুচি গ’ল। আৰু সেইটোৱেই মাতি আনিলে বিপদ।