কলেষ্টেৰল ৰোগীয়ে ভুলতেও নাখাব এই পাঁচবিধ খাদ্য; হ’ব পাৰে গুৰুতৰ ক্ষতি

প্রতিনিধিত্বমূলক ফটো।

কম বয়সতে বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। যদি আপুনি এইবোৰ ৰোগত আক্ৰান্ত হয় তেন্তে পৰৱৰ্তী সমস্যাবোৰ দেখা দিয়ে। ডায়েবেটিছ, ৰক্তচাপ, উচ্চ ৰক্তচাপ বা কলেষ্টেৰল থকা ৰোগী এতিয়া ঘৰে ঘৰে আছে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? কলেষ্টেৰল ৰোগীৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা হ’ল।

কলেষ্টেৰলৰ সমস্যাত ভুগি থকা লোকসকলে এই খাদ্যসমূহ ভুলতেও খাব  নালাগে। নহ’লে ভয়াৱহ বিপদ হব পাৰে। সেইবোৰ হ’ল:-

প্ৰতিনিধিত্বমূলক ফটো।

মাখন – মাখনত সংপৃক্ত চৰ্বি থাকে। ই কলেষ্টেৰল বৃদ্ধি কৰে। ইয়াত ছডিয়াম থাকে। যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

আইচক্ৰীম – আইচক্ৰীম কেতিয়াও নাখাব। ইয়াৰ প্ৰস্তুতিত নিম্নমানৰ হাইড্ৰজেনেটেড উদ্ভিজ্জ তেল ব্যৱহাৰ কৰা হয়। ইয়াক স্কিমড মিল্ক আৰু ক্ৰীমেৰে তৈয়াৰ কৰা হয়। যাৰ ফলত কলেষ্টেৰলৰ সমস্যা বৃদ্ধি পায়।

নাৰিকল তেল – নাৰিকল তেল খাবলৈ এৰক। ইয়াত ল’ৰিক এচিড থাকে। যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। কলেষ্টেৰল ৰোগীয়ে নাৰিকল তেলেৰে তৈয়াৰী খাদ্য কেতিয়াও নাখাব।

প্ৰতিনিধিত্বমূলক ফটো।

ৰেড মীট- কলেষ্টেৰল ৰোগীয়ে ৰেড মীট খাব নালাগে। ইয়াত সংপৃক্ত চৰ্বিৰ পৰিমাণ বেছি। যাৰ ফলত স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি হয়।

ফ্ৰেঞ্চ ফ্ৰাই – ফ্ৰেন্স ফ্ৰাইত হাইড্ৰজেনেটেড ভেজিটেবল অইল থাকে। আলু, চিকেন উইংছ, মজাৰেলা ষ্টিকৰে তৈয়াৰ কৰা হয়। কলেষ্টেৰল ৰোগীয়ে ফ্ৰেঞ্চ ফ্ৰাই খাব নালাগে। ইয়াৰ ফলত শাৰীৰিক সমস্যা বৃদ্ধি পায়।

চেচুৰেটেড ফেট, ট্ৰেন্স ফেট, ছডিয়াম কম খাব লাগে। সুস্থ হৈ থাকিবলৈ খাদ্যত চৰ্বিহীন মাংস, চী ফুড, পনিৰ, দৈ, গোটা শস্য, ফল-মূল আৰু শাক-পাচলি যোগ কৰক। কলেষ্টেৰল নিয়ন্ত্ৰণত থাকিব। একেদৰে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ কচু খাব পাৰে। ই কেৰটিনয়ড নামৰ পদাৰ্থৰে ভৰপূৰ। যিয়ে কলেষ্টেৰলৰ মাত্ৰা সঠিক কৰি ৰাখে। শৰীৰ সুস্থ কৰি ৰাখে।

প্ৰতিনিধিত্বমূলক ফটো।

ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰে ভৰপূৰ নেমুৰ বাবে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।

মুঠতে কলেষ্টেৰল ৰোগীয়ে উক্ত পাঁচটা খাদ্য ভুলতো খাব নালাগে, ইয়াৰ ফলত গুৰুতৰ ক্ষতি হ’ব পাৰে।