• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2022 9:23 pm
Independence day
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশে স্বাধীনতা লাভ কৰাৰ আজি ৭৫ বৰ্ষ পূৰ্ণ হ’ল।এই দীৰ্ঘ সময়ছোৱাত দেশবাসীয়ে ভিন ভিন ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ আহিছে। সমকালীন বিশ্বৰ বুৰঞ্জীতো এইসমূহে স্থান লাভ কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু স্বাধীন ভাৰত গঠন বিশ্বৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। সেয়ে স্বাধীনতা দিৱসৰ আজিৰ দিনটোত ভাৰতৰ স্বাধীনতা লাভৰ ঠিক পাছতে সংঘটিত হোৱা সেইসমূহ ঘটনা উল্লেখ কৰিবলৈ লোৱা হৈছে- যিসমূহে বিশ্বৰ মানচিত্ৰত ভাৰতৰ নাম উজ্বলাই তুলিছিল।

১৯৪৭ চনৰ পোন্ধৰ আগষ্টৰ মাজৰাতি। শত শত শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিলে। ভাৰত হৈ পৰিল এখন সম্পদশালী স্বাধীন দেশ। কিন্তু স্বাধীনতালাভৰ সময়ছোৱাত দেশৰ আন্তঃগাঁঠনি একেবাৰে দুৰ্বল আছিল। শিক্ষাৰ হাৰ আছিল মাত্ৰ ১২ শতাংশ। বিভিন্ন প্ৰত্যাহ্বান নেওচি স্বাধীনতা হাজাৰ বছৰীয়া সভ্যতাৰে গৰিমামণ্ডিত দেশখনক আগুৱাই নিবলৈ স্বাধীনতা সংগ্ৰামীসকলে সংকল্পবদ্ধ হ’ল।

Apply Now

স্বাধীনতা লাভৰ সমান্তৰালভাৱে দেশ বিভাজনো হয়। ৰক্তাক্ত এই বিভাজনৰ ফলত ধৰ্মনিৰপেক্ষ ভাৰত আৰু মুছলিম পাকিস্তানৰ জন্ম হয়। কেৱল ভাৰতৰ বুৰঞ্জীতেই নহয়, সমগ্ৰ বিশ্বৰ বুৰঞ্জীত এই দেশ বিভাজনৰ ইতিহাস স্মৰণীয় হৈ ৰ’ব।

১৯৪৭ চনৰে ২৬ অক্টোবৰ তথা স্বাধীনতা লাভৰ দুমাহ পাছত কাশ্মীৰ ৰাজ্য ভাৰতৰ অন্তৰ্ভূক্ত হয়। মহাৰাজা হৰি সিঙে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। কাশ্মীৰৰ অন্তৰ্ভূক্তি স্বাধীন ভাৰতৰ ইতিহাসত লেখত ল’বলগা ঘটনা। কাশ্মীৰক কেন্দ্ৰ কৰি পাকিস্তান আৰু ভাৰতৰ মাজত সংঘাত আজিও চলি আচে।

১৯৪৮ চনৰ ৩০ জানুৱাৰীত সংঘটিত হয় স্বাধীন ভাৰতৰ অন্যতম এটা কলংকিত ঘটনা। হত্যাৰ বলি হয় জাতিৰ পিতা মহাত্মা গান্ধীক। দিল্লীৰ বিৰলা নিকেতনৰ এটা অনুষ্ঠানত হিন্দু মহাসভাৰ নাথুৰাম গডছেই এই কাণ্ড সংঘটিত কৰে। গান্ধীৰ ধৰ্ম নিৰপেক্ষ নীতিৰ বাবেই হিন্দুত্বাবাদীৰ হাতত তেওঁৰ প্ৰাণ যায়। গান্ধীক হত্যা কৰাৰ পাছতে স্তব্ধ হৈ ৰয় দেশ। স্তম্ভিত হৈ পৰে বিশ্ব।

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতবৰ্ষই নিজাকৈ সংবিধান গ্ৰহণ কৰে। বি আৰ আম্বেডকাৰৰ নেতৃত্বত সংবিধান প্ৰণেতাসকলে প্ৰস্তুত কৰা সংবিধানখনত ভাৰতৰ বৈচিত্ৰতা, ধৰ্মনিৰপেক্ষতা, বিশ্বভাতৃত্ববোধ, গণতন্ত্ৰ, মানৱ অধিকাৰ, প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আছে। ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ। সেয়ে ইয়াৰ সংবিধানখনো বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য প্ৰগতিশীল ভাৱধাৰাৰ সংবিধান হিচাপে পৰিগণিত হৈ আহিছে।

১৯৫১ চনৰ ৪ মাৰ্চত ভাৰতত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ অনুষ্ঠিত হয়। মুঠ ১১ খন দেশে অংশ লোৱা এই প্ৰতিযোগিতাখনত ভাৰতে জাপানৰ পাচতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ১৫ টা সোণসহ লাভ কৰিছিল মুঠ ৫১ টাকৈ পদক। ইয়াৰ জৰিয়তে বিশ্বৰ ক্ৰীড়াজগতত এছিয়ান গেমছৰ দ্বাৰা ভাৰতে প্ৰৱেশ কৰা বুলি ক’ব পাৰি। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এছিয়ান গেমছৰ দ্বাৰা বিশ্ববাসীক জনাই দিলে যে ভাৰতে সকলো ক্ষেত্ৰতে উজ্বলি উঠিবলৈ সক্ষম।

ভাৰতীয় মানুহে চিনেমাক লৈ পাগল। এয়া আজিৰ কথা নহয়, স্বাধীনতাৰ সময়ৰে পৰা ভাৰতৰ বৃহৎ চহৰসমূহত চিনেমাৰ উদ্যোগ গঢ় লৈ উঠিছিল। ১৯৫৫ চনত মুক্তি লাভ কৰে সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালী। বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰা পথেৰ পাঁচালীয়ে কেনচ ফিল্ম ফেষ্টিভেলতো পুৰস্কৃত হয়। পশ্চিম বংগৰ ভিতৰুৱা এখন দৰিদ্ৰ গাঁৱৰ পটভূমিত নিৰ্মিত পথেৰ পাঁচালীত দেশৰ পৰিৱৰ্তিত সময়ক সুন্দৰ আৰু নতুনত্বভৰা চিনেমাটিক কৌশলেৰে প্ৰকাশ কৰা হৈছিল। পথেৰ পাঁচালীৰ পাছত ১৯৫৭ চনত মুক্তি লাভ কৰে হিন্দী বোলছৱি মাডাৰ ইণ্ডিয়াই। কালজয়ী এই চিনেমাখনে বিশ্ববাসীক জনাই দিছিল যে চিনেমাৰ জগততো ভাৰতে আগবাঢ়িব ধৰিছে।

সেই সময়ত বিশ্ব দুভাগত বিভক্ত। এফালে আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন পুঁজিবাদী শিবিৰ আৰু আনফালে চোভিয়েট ৰাছিয়াৰ নেতৃত্বত কমিউনিষ্ট শিবিৰ। দুয়োটা শিবিৰৰ মাজত বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াক শীতল যুদ্ধ বোলা হয়। কিন্তু কেইবাখনো দেশে নিৰপেক্ষ হৈ থাকে।

নতুনকৈ স্বাধীন হোৱা এই দেশসমূহক নেতৃত্ব প্ৰদান কৰিছিল ভাৰতে। কেৱল দেশৰ ৰাজনীতিতেই নহয়, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু বিশ্বৰ ৰাজনীতিৰো এজন গুৰুত্বপূৰ্ণ নেতা হৈ পৰিছিল। নেহৰুৰ প্ৰত্যক্ষ সহযোগত বিশ্বজুৰি গোষ্ঠীনিৰপেক্ষ আন্দোলন চলিব ধৰে। সেই সময়ৰে পৰা ভাৰতে এই গোষ্ঠীনিৰপেক্ষ নীতিয়েই লৈ আহিছে।

এইসমূহৰ বাদেও আন বহুতো সৰু-বৰ ঘটনা আছে- যিসমূহে ভাৰতক বিশ্বৰ প্ৰেক্ষাপটত অপ্ৰতিদ্বন্দি হিচাপে প্ৰতীয়মান কৰি আহিছে। এই প্ৰতিবেদনখনত মূলতঃ স্বাধীনতা লাভৰ পাছৰ দশকত সংঘটিত হোৱা ঘটনাৱলীসমূহৰ কিয়দাংশৰ বিষয়ে উল্লেখ কৰা হৈছে। আজি ভাৰতে নতুন সংকল্প লৈছে। কিন্তু আগলৈ খোজ দিয়াৰ সময়তে এই গৰিমাময় ঘটনাসমূহৰ সোঁৱৰণ কৰাটো দেশৰ বাবে এটা দায়িত্ব বুলি ক’ব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd