দেশে স্বাধীনতা লাভ কৰাৰ আজি ৭৫ বৰ্ষ পূৰ্ণ হ’ল।এই দীৰ্ঘ সময়ছোৱাত দেশবাসীয়ে ভিন ভিন ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ আহিছে। সমকালীন বিশ্বৰ বুৰঞ্জীতো এইসমূহে স্থান লাভ কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু স্বাধীন ভাৰত গঠন বিশ্বৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। সেয়ে স্বাধীনতা দিৱসৰ আজিৰ দিনটোত ভাৰতৰ স্বাধীনতা লাভৰ ঠিক পাছতে সংঘটিত হোৱা সেইসমূহ ঘটনা উল্লেখ কৰিবলৈ লোৱা হৈছে- যিসমূহে বিশ্বৰ মানচিত্ৰত ভাৰতৰ নাম উজ্বলাই তুলিছিল।
১৯৪৭ চনৰ পোন্ধৰ আগষ্টৰ মাজৰাতি। শত শত শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিলে। ভাৰত হৈ পৰিল এখন সম্পদশালী স্বাধীন দেশ। কিন্তু স্বাধীনতালাভৰ সময়ছোৱাত দেশৰ আন্তঃগাঁঠনি একেবাৰে দুৰ্বল আছিল। শিক্ষাৰ হাৰ আছিল মাত্ৰ ১২ শতাংশ। বিভিন্ন প্ৰত্যাহ্বান নেওচি স্বাধীনতা হাজাৰ বছৰীয়া সভ্যতাৰে গৰিমামণ্ডিত দেশখনক আগুৱাই নিবলৈ স্বাধীনতা সংগ্ৰামীসকলে সংকল্পবদ্ধ হ’ল।
স্বাধীনতা লাভৰ সমান্তৰালভাৱে দেশ বিভাজনো হয়। ৰক্তাক্ত এই বিভাজনৰ ফলত ধৰ্মনিৰপেক্ষ ভাৰত আৰু মুছলিম পাকিস্তানৰ জন্ম হয়। কেৱল ভাৰতৰ বুৰঞ্জীতেই নহয়, সমগ্ৰ বিশ্বৰ বুৰঞ্জীত এই দেশ বিভাজনৰ ইতিহাস স্মৰণীয় হৈ ৰ’ব।
১৯৪৭ চনৰে ২৬ অক্টোবৰ তথা স্বাধীনতা লাভৰ দুমাহ পাছত কাশ্মীৰ ৰাজ্য ভাৰতৰ অন্তৰ্ভূক্ত হয়। মহাৰাজা হৰি সিঙে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। কাশ্মীৰৰ অন্তৰ্ভূক্তি স্বাধীন ভাৰতৰ ইতিহাসত লেখত ল’বলগা ঘটনা। কাশ্মীৰক কেন্দ্ৰ কৰি পাকিস্তান আৰু ভাৰতৰ মাজত সংঘাত আজিও চলি আচে।
১৯৪৮ চনৰ ৩০ জানুৱাৰীত সংঘটিত হয় স্বাধীন ভাৰতৰ অন্যতম এটা কলংকিত ঘটনা। হত্যাৰ বলি হয় জাতিৰ পিতা মহাত্মা গান্ধীক। দিল্লীৰ বিৰলা নিকেতনৰ এটা অনুষ্ঠানত হিন্দু মহাসভাৰ নাথুৰাম গডছেই এই কাণ্ড সংঘটিত কৰে। গান্ধীৰ ধৰ্ম নিৰপেক্ষ নীতিৰ বাবেই হিন্দুত্বাবাদীৰ হাতত তেওঁৰ প্ৰাণ যায়। গান্ধীক হত্যা কৰাৰ পাছতে স্তব্ধ হৈ ৰয় দেশ। স্তম্ভিত হৈ পৰে বিশ্ব।
১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতবৰ্ষই নিজাকৈ সংবিধান গ্ৰহণ কৰে। বি আৰ আম্বেডকাৰৰ নেতৃত্বত সংবিধান প্ৰণেতাসকলে প্ৰস্তুত কৰা সংবিধানখনত ভাৰতৰ বৈচিত্ৰতা, ধৰ্মনিৰপেক্ষতা, বিশ্বভাতৃত্ববোধ, গণতন্ত্ৰ, মানৱ অধিকাৰ, প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আছে। ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ। সেয়ে ইয়াৰ সংবিধানখনো বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য প্ৰগতিশীল ভাৱধাৰাৰ সংবিধান হিচাপে পৰিগণিত হৈ আহিছে।
১৯৫১ চনৰ ৪ মাৰ্চত ভাৰতত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ অনুষ্ঠিত হয়। মুঠ ১১ খন দেশে অংশ লোৱা এই প্ৰতিযোগিতাখনত ভাৰতে জাপানৰ পাচতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ১৫ টা সোণসহ লাভ কৰিছিল মুঠ ৫১ টাকৈ পদক। ইয়াৰ জৰিয়তে বিশ্বৰ ক্ৰীড়াজগতত এছিয়ান গেমছৰ দ্বাৰা ভাৰতে প্ৰৱেশ কৰা বুলি ক’ব পাৰি। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এছিয়ান গেমছৰ দ্বাৰা বিশ্ববাসীক জনাই দিলে যে ভাৰতে সকলো ক্ষেত্ৰতে উজ্বলি উঠিবলৈ সক্ষম।
ভাৰতীয় মানুহে চিনেমাক লৈ পাগল। এয়া আজিৰ কথা নহয়, স্বাধীনতাৰ সময়ৰে পৰা ভাৰতৰ বৃহৎ চহৰসমূহত চিনেমাৰ উদ্যোগ গঢ় লৈ উঠিছিল। ১৯৫৫ চনত মুক্তি লাভ কৰে সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালী। বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰা পথেৰ পাঁচালীয়ে কেনচ ফিল্ম ফেষ্টিভেলতো পুৰস্কৃত হয়। পশ্চিম বংগৰ ভিতৰুৱা এখন দৰিদ্ৰ গাঁৱৰ পটভূমিত নিৰ্মিত পথেৰ পাঁচালীত দেশৰ পৰিৱৰ্তিত সময়ক সুন্দৰ আৰু নতুনত্বভৰা চিনেমাটিক কৌশলেৰে প্ৰকাশ কৰা হৈছিল। পথেৰ পাঁচালীৰ পাছত ১৯৫৭ চনত মুক্তি লাভ কৰে হিন্দী বোলছৱি মাডাৰ ইণ্ডিয়াই। কালজয়ী এই চিনেমাখনে বিশ্ববাসীক জনাই দিছিল যে চিনেমাৰ জগততো ভাৰতে আগবাঢ়িব ধৰিছে।
সেই সময়ত বিশ্ব দুভাগত বিভক্ত। এফালে আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন পুঁজিবাদী শিবিৰ আৰু আনফালে চোভিয়েট ৰাছিয়াৰ নেতৃত্বত কমিউনিষ্ট শিবিৰ। দুয়োটা শিবিৰৰ মাজত বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াক শীতল যুদ্ধ বোলা হয়। কিন্তু কেইবাখনো দেশে নিৰপেক্ষ হৈ থাকে।
নতুনকৈ স্বাধীন হোৱা এই দেশসমূহক নেতৃত্ব প্ৰদান কৰিছিল ভাৰতে। কেৱল দেশৰ ৰাজনীতিতেই নহয়, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু বিশ্বৰ ৰাজনীতিৰো এজন গুৰুত্বপূৰ্ণ নেতা হৈ পৰিছিল। নেহৰুৰ প্ৰত্যক্ষ সহযোগত বিশ্বজুৰি গোষ্ঠীনিৰপেক্ষ আন্দোলন চলিব ধৰে। সেই সময়ৰে পৰা ভাৰতে এই গোষ্ঠীনিৰপেক্ষ নীতিয়েই লৈ আহিছে।
এইসমূহৰ বাদেও আন বহুতো সৰু-বৰ ঘটনা আছে- যিসমূহে ভাৰতক বিশ্বৰ প্ৰেক্ষাপটত অপ্ৰতিদ্বন্দি হিচাপে প্ৰতীয়মান কৰি আহিছে। এই প্ৰতিবেদনখনত মূলতঃ স্বাধীনতা লাভৰ পাছৰ দশকত সংঘটিত হোৱা ঘটনাৱলীসমূহৰ কিয়দাংশৰ বিষয়ে উল্লেখ কৰা হৈছে। আজি ভাৰতে নতুন সংকল্প লৈছে। কিন্তু আগলৈ খোজ দিয়াৰ সময়তে এই গৰিমাময় ঘটনাসমূহৰ সোঁৱৰণ কৰাটো দেশৰ বাবে এটা দায়িত্ব বুলি ক’ব পাৰি।