• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱসৰৰ পূর্বে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দিবলগীয়া ৫টা গুৰুত্বপূৰ্ণ ৰায়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2019 11:10 am
ranjangogoi1_1556013955943

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। মাত্ৰ ১০ দিনতকৈয়ো কম কৰ্মদিন থকা অৱস্থাত বিভিন্ন বিষয়ৰ পাঁচটা অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিবলগীয়া আছে মুখ্য ন্যায়াধীশগৰাকীৰ।

এইবোৰৰ ভিতৰত আছে তেওঁৰ নেতৃত্বত গঠিত সাংবিধানিক বিচাৰপীঠত হিন্দু আৰু মুছলমান উভয়পক্ষই আবেদন জনোৱা ৰাম জনমভূমি-বাবৰি মছজিদৰ বিতৰ্কিত ভূমিৰ স্বত্ত্বৰ বহু অপেক্ষিত ৰায়দান।

Apply Now

বিষয়টো সন্দৰ্ভত ৪০ দিন ধৰি ধাৰাবাহিক শুনানিৰ ইতিমধ্যে সমাপ্তি ঘটিছে। বিচাৰপীঠখনত যোৱা ১৬ অক্টোবৰত পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন জনোৱা এছ এ ববডেও আছে।

বিগত ২০১০ চনত উক্ত ভূমি ৰাম লালা, নিৰ্মোহী আখাৰা আৰু ছুন্নী ৱাকফ বোৰ্ডৰ মাজত ভাগ কৰি দিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় সঠিক আছিলনে সেইটোও আহিবলগীয়া ৰায়টোৱে নিৰ্দ্ধাৰণ কৰিব।

আনহাতে, মুখ্য ন্যায়াধীশ গৰাকীৰ নেতৃত্বতে গঠিত পাঁচজনীয়া ন্যায়াধীশৰ পৰ্যালোচনা বিচাৰপীঠে কোৰালাৰ ছবৰীমালা মন্দিৰত ঋতুমতী নাৰীক পূজা-অৰ্চনা কৰাৰ বাবে থকা বাধা উঠাই দিয়া ২০১৮’ৰ ছেপ্টেম্বৰৰ ৰায়টোক বাহাল ৰখা বা আঁতৰাই ৰখাৰো আশা কৰা হৈছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে নেতৃত্ব দিয়া এখন বিচাৰপীঠে যোৱা ১০ মে’ত ৰাফেল যুদ্ধ বিমান চুক্তি সন্দৰ্ভত অধিবক্তা প্ৰশান্ত ভূষণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী আৰু যশোৱন্ত সিনহাই দাখিল কৰা যৌথ আবেদনৰ সংৰক্ষিত ৰায়টোৰ সন্দৰ্ভতো সিদ্ধান্তৰ অপেক্ষা কৰা হৈছে।

শুনানিৰ সময়ত আদালতত উত্থাপন কৰা এটা প্ৰধান বিষয় আছিল ৩৬ খন জেটৰ চুক্তিৰ সন্দৰ্ভত যোৱা বছৰৰ অক্টোবৰত আবেদনকাৰীয়ে দাখিল কৰা এক দুৰ্নীতিৰ অভিযোগত  চিবিআইয়ে কিয় এক এফ আই আৰ দাখিল কৰা নাছিল।

পুনৰীক্ষণ আবেদনত অভিযোগ কৰা হৈছিল যে চৰকাৰে ২০১৮’ৰ ১৪ ডিচেম্বৰত  চুক্তিখন বাহাল ৰখাৰ ৰায়টোৰ ক্ষেত্ৰত আদালতক ভুলপথে পৰিচালিত কৰিছিল।

কিন্তু চৰকাৰে যুক্তি দৰ্শাইছিল যে চৰকাৰৰ নীতিৰ ওপৰত আদালতৰ হস্তক্ষেপৰ সীমাবদ্ধতা আছে। ৰাফেল চুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰই জেট ক্ৰয়ৰ বাবে আগবাঢ়িবলৈ এটা “সৰ্বসন্মত সিদ্ধান্ত’ গ্ৰহণ কৰিছিল।

উক্ত দিনাই, ১০মে’ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ বিচাৰপীঠে সৰ্বোচ্চ আদলতত ভুলভাৱে “চকীদাৰ চোৰ হেই’ বাক্যাংশ ব্যৱহাৰ কৰা বুলি ক্ষমা বিচৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি নেত্ৰী মীনাক্ষী লেখিয়ে দাখিল কৰা এক অপৰাধী অৱমাননাৰ আবেদনৰ ৰায়ো সংৰক্ষিত ৰাখিছিল।

আনহাতে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰপীঠে সংসদত “মানি বিল’ হিচাপে গৃহীত কৰা বিত্তীয় আইন,২০১৭’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এলানি আবেদনৰো ৰায় সংৰক্ষিত ৰাখিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd