• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক আক্ৰমণ কৰা পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2019 1:24 pm
Attack on Anil Bargohain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আজি চিলাপথাৰ আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে আটকাধীন লোক কেইজন ক্ৰমে মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ তথা গণশক্তি দলৰ নিৰ্বাচিত প্ৰতিনিধি কনক দলে, আন এজন গণশক্তিৰ নেতা ইন্দ্ৰজিৎ চুংক্ৰাঙৰ উপৰি লিখন মৰাং, লুইছ পেগু আৰু ৰাজু টাইড বুলি চিনাক্ত কৰে।

Apply Now

জানিব পৰা মতে কালি বৰগোহাঁইয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ওভটাৰ পথত জোনাই সমষ্টিৰ দুই স্থানত ক্ৰমে চিলাপথাৰৰ সমীপৱৰ্তী চিলাসূঁতি আৰু ৰিগবি নামৰ ঠাইত এই লোক কেইজনে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক শিলগুটিৰে আক্ৰমন কৰা বুলি দলটোৱে এজাহাৰ দাখিল কৰিছিল।

এজাহাৰৰ পিছতেই ধেমাজি আৰক্ষী অধীক্ষকে বিষয়টো সন্দৰ্ভত তৎপৰতা প্ৰদৰ্শন কৰি সমষ্টিটোৰ বিভিন্ন স্থানত অভিযান চলাই আটাইকেইজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে আটকাধীন লোক কেইজনক ঘটনা সন্দৰ্ভত সোধা পোচা কৰি আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে শুকুৰবাৰে বিয়লি প্ৰায় ৪.২০ বজাত চলোৱা এই আক্ৰমণত বৰগোহাঁইৰ এ এছ ২২ বি ৪২৮৪ মহিন্দ্ৰা এক্স য়ু ভি বাহনখনৰ পিছফালৰ আইনা ভাঙি যায়। এই ঘটনাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগতে আন কেইবাজনো কংগ্ৰেছ সমৰ্থক আঘাতপ্ৰাপ্ত হৈছিল। পিছত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগতে আঘাতপ্ৰাপ্ত লোক কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে এই ঘটনাৰ পিছতেই কংগ্ৰেছ সমৰ্থকসকলে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰিছিল। পাছত ঘটনাস্থলত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ এটি দল উপস্থিত হৈ ঘটনাৰ সৈতে জড়িত ব্যক্তিক শীঘ্ৰে কৰায়ত্ত কৰিব বুলি আশ্বাস দিয়াতহে পৰিস্থিতি নিয়ন্ত্ৰণত আহে।

এইখিনিতে উল্লেখ কৰিব পাৰি অহা ১১ এপ্ৰিলত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd