NORTHEAST NOW (Assamese)

কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী; চলিছে ব্যাপক তালাচী

June 16, 2023 12:26 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফাইল ফটো।

বিদেশী সমৰ্থিত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ এক প্ৰচেষ্টা নিৰাপত্তাৰক্ষী বাহিনীয়ে ব্যৰ্থ কৰিছে। শুকুৰবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫ বিদেশী উগ্ৰপন্থী নিহত হয়। জম্মু-কাশ্মীৰৰ কুপৱাৰাত সংঘটিত হৈছে এই ঘটনা।

নিৰাপত্তা বাহিনীয়ে অনুমান কৰিছে যে অঞ্চলটোত আৰু বহু উগ্ৰপন্থীয়ে আত্মগোপন কৰি থাকিব পাৰে। তেওঁলোকৰ সন্ধানত সেনাৰ তালাচী অভিযান অব্যাহত আছে।

লগতে পঢ়ক: চৰিত্ৰহনন! বিতর্কিত লেখিকা শিখা শর্মাক আটক দিছপুৰ আৰক্ষীৰ; গ্ৰেপ্তাৰৰ সম্ভাৱনা

কাশ্মীৰ আৰক্ষীৰ তথ্য অনুসৰি সেই অঞ্চলত আৰু কেইবাজনো উগ্ৰপন্থীয়ে আত্মগোপন কৰি আছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান চলি আছে।

কাশ্মীৰৰ কুপৱাৰা খণ্ডত চলিত বৰ্ষত এইটোৱেই প্ৰথম অনুপ্ৰৱেশৰ ঘটনা। উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনী আৰু কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে উগ্ৰপন্থীক কৰায়ত্ত কৰাৰ চেষ্টা কৰে। ইয়াৰ পিছতে উগ্ৰপন্থীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ হয়।

লগতে পঢ়ক: পুৱতি নিশা কলিয়াবৰত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন; আহত বহুকেইজন বাছ যাত্ৰী

আজি পুৱা এটা টুইটযোগে কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, “কুপোৱাৰা আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা কুপোৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাত অৱস্থিত জুমাগুণ্ড অঞ্চলত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত এক অভিযান চলোৱা হয়।”

যোৱা ১৩ জুনত কুপৱাৰা সীমান্তত সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানৰ নিহত হৈছিল দুই উগ্ৰপন্থী।

Related News