NORTHEAST NOW (Assamese)

বিমান বন্দৰৰ বিদ্যুতৰ খুঁটাত ৬৪ যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানৰ খুন্দা

February 20, 2021 8:47 pm · এন ই নাও নিউজ

অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত সংঘটিত হৈছে এক বিমান দুৰ্ঘটনা।

৬৪ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বন্দৰৰ বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে উক্ত বিমান দুৰ্ঘটনাটো।

অৱশ্যে এই দুৰ্ঘটনাটোত কোনো যাত্ৰী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

“৬৪ গৰাকী যাত্ৰীৰ সকলোবোৰেই সুৰক্ষিত তথা নিৰাপদে আছে।” বিমান বন্দৰটো সঞ্চালক জি মাধুসূদনে সংবাদ মাধ্যমৰ আগত কয়।

সামান্যভাৱে দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখন শনিবাৰে দহাৰ পৰা আহি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া বিমানবন্দৰ অৱতৰণ কৰিছিল।

Related News