• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশান্ত ম্যানমাৰত পুনৰ সেনাৰ গুলীত নিহত দুই প্ৰতিবাদকাৰী,নিহতৰ সংখ্যা তিনিগৰাকীলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 7:02 am
a bul
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক জুণ্টা প্ৰশাসনৰ বিৰুদ্ধে ম্যানমাৰত অব্যাহত আছে ব্যাপক প্ৰতিবাদ।

সেনাৰ গুলীত আহত কিশোৰী এগৰাকীয়ে বৃহস্পতিবাৰে মৃত্যুক সাৱটি লোৱাৰ পিছত দেশ খনত পুনৰ দুজন প্ৰতিবাদকাৰী সেনাৰ গুলীত নিহত হোৱাৰ খবৰ পোৱা গৈছে।

Apply Now

ম্যানমাৰৰ জৰুৰীকালিন উদ্ধাৰকাৰী দলৰ মুৰব্বী হ্লাইং মিন য়ুয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মান্দালয় চহৰত সেনাৰ গুলীত নিহত হৈছে দুজনকৈ প্ৰতিবাদকাৰী।

নিহত প্ৰতিবাদকাৰীদুজনৰ মাজত এজন নাবালক থকা বুলিও তেওঁ প্ৰকাশ কৰিছে। সেনাই নিক্ষেপ কৰা ৰাবাৰ বুলেটৰ আঘাতত তেওঁলোকৰ মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে যদিও বহুতে সেনাই সঁচা বুলেট নিক্ষেপ কৰা বুলি অভিযোগ কৰিছে।

ইয়াকেলৈ ম্যানমাৰত সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু ঘটা প্ৰতিবাদকাৰীৰ সংখ্যা তিনিগৰাকী হ’লগৈ। সামৰিক শাসকে আজি পৰ্যন্ত দেশ খনত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে।

উল্লেখ্য ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বৃহস্পতিবাৰে কৰুণ মৃত্যুক সাৱটি লৈছিল এগৰাকী কিশোৰীয়ে।

যোৱা ৯ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ৰাজধানী নাই পি টাওত প্ৰতিবাদী সমদলত ভাগ লৈছিল ১৯ বছৰীয়া মিয়া থে থে খাইং নামৰ কিশোৰীগৰাকীয়ে।

শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ সাৱ্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল ম্যানমাৰৰ সেনা।

সেনাই নিক্ষেপ কৰা গুলীয়ে আঘাত কৰিছিল কিশোৰীগৰাকীৰ মূৰত । লগে লগে তেওঁ ঢলি পৰিছিল আৰু ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱা হৈছিল নাই পি টাওৰ ১০০০ খন বিচনাযুক্ত চিকিৎসালয়ত।

মূৰত গুলী লগা কিশোৰীগৰাকীক বচাবলৈ চিকিৎসকে প্ৰাণপণে চেষ্টা চলাইছিল যদিও তেওঁৰ ব্ৰেইন ডেথ হৈছিল আৰু বৃহস্পতিবাৰে চিকিৎসকে তেওঁৰ মৃত্যু ঘটা বুলি আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।

তিনিগৰাকীকৈ প্ৰতিবাদকাৰীৰ মৃত্যুৰ খবৰে সেনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা প্ৰতিবাদকাৰীসকলক অধিক উত্তেজিত কৰি তোলা পৰিলক্ষিত হৈছে।

প্ৰতিদিনে দেশ খনৰ ৰাজধানী নাইফিদাও, য়াংগুন আদিৰ লগতে আন প্ৰধান চহৰ সমূহৰ ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলে সেনাই আটক কৰি ৰখা গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীৰ মুক্তি দাবী কৰাৰ লগতে দেশত খনত পুনৰ গণতন্ত্ৰৰ শাসন প্ৰতিষ্ঠাৰ দাবী জনাই আহিছে।

উল্লেখ্য ২০০৭ চনত ম্যানমাৰৰ বৌদ্ধ ভিক্ষুসকলৰ নেতৃত্বত সংগঠিত হোৱা গেৰুৱা বিপ্লৱৰ পিছত উক্ত দিনটোতে অভিলেখ সংখ্যক লোকে ৰাজপথলৈ ওলাই আহি সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰি আহিছে।

যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক শাসকে  ম্যানমাৰত বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd