NORTHEAST NOW (Assamese)

Breaking News দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত, অঞ্চলজুৰি ত্ৰাস

May 17, 2022 2:31 pm · নীলমণি শৰ্মা ,কৃষ্ণাই

ৰাজ্যৰ জিলাই জিলাই এতিয়া বানৰ তাণ্ডৱ। গোৱালপাৰা জিলাতো বানে সংহাৰৰ সৃষ্টি কৰিছে। অসম আৰু মেঘালয়ত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি দুপৰীয়া চিগিল দুধনৈ নৈৰ মথাউৰি ৷ উপৰতোলাত ভগা মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী ৷ জলমগ্ন বহু অঞ্চল ৷ আতংকিত হৈ পৰিছে ৰাইজ ৷

উল্লেখ্য বছৰৰ প্ৰথমটো বানৰ আঘাতে বিপৰ্যস্ত কৰি তুলিছে ৰাজ্যৰ ছয় খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোকৰ জীৱন। বান আৰু ভূমিস্খলনৰ ঘটনাত এতিয়ালৈকে ৰাজ্যত পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ছয়খন জিলাৰ ৯৪ খন গাঁৱৰ মুঠ ২৪,৬৮১ জন লোক ক্ষতিগ্ৰস্ত হৈছে। বানে সংহাৰী ৰূপ ধাৰণ কৰা জিলা কেইখন হৈছে ক্ৰমে – কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও আৰু কামৰূপ (মেট্ৰো)।

বানপীড়িত জিলাসমূহত ১৭৩২.৭২ হেক্টৰ শস্যভূমিও জলমগ্ন হৈ পৰিছে। কেৱল কাছাৰ জিলাত ২১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সেনা, অৰ্ধ সামৰিক বাহিনী, এছডিআৰএফ, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই কাছাৰ জিলাৰ বানপীড়িত অঞ্চলৰ পৰা ২,১৫০ জন লোকক উদ্ধাৰ কৰিছে।

ভয়ংকৰ ভূমিস্খলনে ডিমা হাছাও জিলাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। জিলা খনত ৰে’ল সেৱা বন্ধ কৰা হৈছে।

Related News